ETV Bharat / bharat

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ - -deputy-chairman

সদনৰ পৰা সাত দিনলৈ নিলম্বন ৰিপুন বৰাকে ধৰি অন্য 7 জন সাংসদ ৷ সদনত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত নিলম্বন 8 সাংসদ ৷ দেওবাৰে কৃষি বিধেয়কক লৈ সদনত সৃষ্টি কৰা উত্তপ্ত পৰিৱেশৰ বাবে নিলম্বন ৷ এই ঘটনাক দুৰ্ভাগ্যজনক আৰু গৰিহনাযোগ্য আখ্যা সংসদৰ অধ্যক্ষ এম ভেঙ্কাইয়া নাইডুৰ ৷

ৰাজ্যসভাৰ পৰা বহিস্কৃত 8 সদস্য়
ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ
author img

By

Published : Sep 21, 2020, 12:11 PM IST

Updated : Sep 21, 2020, 1:22 PM IST

নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰ: সংসদত উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি সংসদৰ পৰা এসপ্তাহৰ বাবে নিলম্বিত হ'ল মুঠ আঠ গৰাকী বিৰোধী সাংসদ ৷ নিলম্বিত সাংসদ সকলৰ ভিতৰত আছে কংগ্ৰেছ সাংসদ ৰিপুন বৰাসহ ডেৰেক অ' ব্ৰায়েন, সঞ্জয় সিং, ৰাজু সাটাভ, কে কে ৰাগেছ, ডোলা সেন, চৈয়দ নাজিৰ হুচেইন আৰু ইলামৰান কৰিম ৷

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক নিলম্বন এম ভেঙ্কাইয়া নাইডুৰ

উল্লেখ্য যে, সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত দেওবাৰৰ দিনটোত বিৰোধী সাংসদসকলে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ দুখন কৃষি বিধেয়কক লৈ দেওবাৰে বিৰোধী দলৰ সদস্য সকলে প্ৰতিবাদেৰে সদন উত্তাল কৰি তুলিছিল ৷ এই ঘটনাৰ পাছতে সোমবাৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুয়ে এইসকল সাংসদক সংসদৰ পৰা সাত দিনৰ বাবে বহিস্কাৰ কৰে ৷ দেওবাৰৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি ৰাজ্যসভাৰ অধ্যক্ষ গৰাকীয়ে কয়, "কালিৰ দিনটো ৰাজ্যসভাৰ বাবে এটা অত্যন্ত বেয়া দিন আছিল, উপাধ্যক্ষ গৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰা হৈছিল ৷ দায়িত্ব পালনত উপাধ্যক্ষ গৰাকী সমস্যাৰ সন্মুখীন হৈছিল ৷ এইয়া অতি দুৰ্ভাগ্যজনক আৰু গৰিহনাযোগ্য ৷ মই সাংসদ সকলক এবাৰ আত্মনিৰীক্ষণ কৰি চাবলৈ আহ্বান জনাইছো ৷

  • It was a bad day for Rajya Sabha yesterday when some members came to the well of the House. Deputy Chairman was physically threatened. He was obstructed from doing his duty. This is unfortunate & condemnable. I suggest to MPs, please do some introspection: Rajya Sabha Chairman pic.twitter.com/97YwJ10X1J

    — ANI (@ANI) September 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • The suspended members have no right to be in the House. The House cannot function with the presence of non-members: Rajya Sabha MP V. Muraleedharan

    I urge the members named by the Rajya Sabha Chairman to not take part in the House proceedings: Deputy Chairman Harivansh pic.twitter.com/7Lb4sUw6mJ

বিৰোধী সাংসদসকলৰ এই ব্যৱহাৰক সমালোচনা কৰি ৰাজ নাথ সিঙৰ নেতৃত্বত ছয় মন্ত্ৰীয়ে দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছিল ৷ ৰাজ্যসভাৰ সাংসদ ভি. মুৰুলীধৰনে আজি মন্তব্য কৰে যে নিলম্বিত সদস্যৰ সদনত থকাৰ কোনো অধিকাৰ নাই ৷ সদনৰ সদস্যপদ নথকা লোকৰ উপস্থিতিত সদনৰ কামকাজ পৰিচালিত হ'ব নোৱাৰে ৷

ৰিপুন বৰাসহ সংসদৰ 7 সদস্যক এসপ্তাহৰ বাবে সদনৰ পৰা বহিস্কাৰ

লগতে পঢ়ক: আজিৰে পৰা পুনৰ মুকলি তাজমহল আৰু আগ্ৰা ফৰ্ট

Last Updated : Sep 21, 2020, 1:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.