ETV Bharat / bharat

'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে

ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদ সম্পৰ্কত আলোচনা অব্যাহত থাকিব আৰু দেশে এই ক্ষেত্ৰত কোনো আপোচ নকৰে বুলি মন্তব্য ৰাজনাথ সিঙৰ ৷

ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদ
'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে
author img

By

Published : Jun 14, 2020, 11:51 AM IST

নেশ্যনেল ডেস্ক, 14 জুন : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে দেওবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ৰ আয়োজন কৰিব ৷ সিঙে শনিবাৰে পুৱা 11 বজাত টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷

ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদ
'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে

8 জুনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'মহাৰাষ্ট্ৰ জন সংবাদ ৰেলী' আয়োজন কৰি সিঙে কৈছিল যে, ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদ সম্পৰ্কত আলোচনা অব্যাহত থাকিব আৰু দেশৰ নেতৃবিন্দই এই ক্ষেত্ৰত কোনো আপোচ নকৰে ৷

সিঙে কৈছিল, "বহু সময়ৰ পৰাই ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদ অব্যাহত আছে ৷ এই সমস্যা আমি অতি সোনকালে সমাধান কৰিব বিচাৰো ৷ 6 জুনত অনুষ্ঠিত হোৱা আলোচনা সকাৰাত্মক আছিল ৷ এই বিবাদৰ অন্ত পেলাবলৈ দুয়ো পক্ষই আলোচনাত মিলিত হ'বলৈ সন্মতি প্ৰকাশ কৰিছে ৷ মই আপোনালোকক নিশ্চিতি প্ৰদান কৰিব বিচাৰো যে, দেশৰ দায়িত্ব সৱল হাতত আছে আৰু দেশৰ স্বাভিমানত আঘাত হানিবলৈ নিদিওঁ ৷"

লগতে পঢ়ক : কোভিড-19য়ে সকলোকে ইকমাৰ্চৰ দিশে গতি কৰাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.