ইন্টাৰনেশ্যনেল ডেস্ক, 3 নবেম্বৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং শনিবাৰে উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল বাকবোদী নিজাম’ভিক কুৰবানভৰ(Major General Bakhodi Nizamovich Kurbanov) লগত দ্বিপাক্ষিক বৈঠকত মিলিত হয় ৷ এইয়া হৈছে 15 বছৰত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰথম উজবেকিস্তান ভ্ৰমণ ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ভাৰত ভ্ৰমণলৈ অহাৰ পিছত দুয়োখন দেশৰ মন্ত্ৰীদুগৰাকীয়ে দুয়োখন দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত হোৱা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷
লগতে পঢ়ক: ETV Bharat সহযোগত 'পান্থতৰু সংৰক্ষণী অসম'ৰ প্লাষ্টিকমুক্ত ভাৰতৰ সংকল্প
দুয়োখন দেশে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে যে, দুয়োখন দেশে প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ৷ দুয়োখন দেশ উমৈহতীয়া বুজাবুজিৰে এই দিশত আগবাঢ়িব বুলিও এই বিজ্ঞপ্তিখনত প্ৰকাশ কৰা হয় ৷ এই বৈঠকতে দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷ মিলিটাৰি মেডিচিনৰ ক্ষেত্ৰত স্বাক্ষৰ কৰা হয় এই বুজাবুজিৰ চুক্তি ৷ ইয়াৰ উপৰিও ভাৰতীয় সেনাৰ এটা দলে উজবেকি সৈন্যৰ লগত একেলগে প্ৰশিক্ষণ ল'ব বুলিও জানিব পৰা গৈছে ৷ এই অনুশীলনৰ দ্বাৰা দুয়োখন দেশে দুয়োখন দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ উৎকৃষ্ট মানৰ ট্ৰেইনিং লাভ কৰিব বুলি অনুমান কৰা হৈছে ৷