ETV Bharat / bharat

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰৰ সৈতে আলোচনাত মিলিত ৰাজনাথ সিং

author img

By

Published : Nov 17, 2019, 4:29 PM IST

আছিয়ানৰ উদ্যোগত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী আলোচনা (Defence Ministers Meeting-Plus ADMM-Plus)ত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰৰ সৈতে আলোচনাত মিলিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ থাইলেণ্ডৰ ৰাজধানী বেংককত চলি থকা আছিয়ানৰ এই বিশেষ সন্মিলনৰ সময়তে দেওবাৰে আলোচনাত মিলিত হয় ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতা দুগৰাকী ৷

আছিয়ানৰ উদ্যোগত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী আলোচনা

নেশ্বনেল ডেস্ক, 17 নৱেম্বৰঃ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ সচিব (US Secy of Defence) মাৰ্ক ইস্পাৰৰ সৈতে আলোচনাত মিলিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ থাইলেণ্ডৰ ৰাজধানী বেংককত চলি থকা আছিয়ানৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাচক্ৰ (Defence Ministers Meeting-Plus ADMM-Plus)ত দুয়োগৰাকী শীৰ্ষ নেতাই এইদৰে মিলিত হয় ৷

Defence Ministers Meeting-Plus ADMM-Plus news
মাৰ্ক ইস্পাৰৰ সৈতে ৰাজনাথ সিং

আছিয়ানৰ অন্তৰ্গত 10খন ৰাষ্ট্ৰৰ লগতে আমেৰিকা, চীন আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে "বহনক্ষম সুৰক্ষা" শীৰ্ষক আলোচনাত মিলিত হয় ৷ দক্ষিণ চীন সাগৰত চীনৰ সামৰিক কাৰ্যকলাপৰ শেহতীয়া স্থিতিক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাগৰীয় যোগাযোগ ব্যৱস্থাৰ প্ৰতি অহা ভাবুকিক লৈ "বহনক্ষম সুৰক্ষা" শীৰ্ষক বিষয়ত এই আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী টাৰো কোনোৰ সৈতে ৰাজনাথ সিং

16 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই আলোচনাচক্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে শনিবাৰেই বেংককলৈ ৰাওনা হয় ৰাজনাথ সিং ৷ হংকঙৰ ইংৰাজী বাতৰি কাকত, South China Morning Postত প্ৰকাশিত বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংঘেৰ লগতো আলোচনাত মিলিত হ'ব ৷ বাতৰি কাকতখনে দক্ষিণ চীন সাগৰত চীনৰ যুদ্ধংদেহী মনোভাৱৰ উদ্ধৃতিৰে এই বিষয়ে আঞ্চলিক প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ মুল বিষয় হ'ব বুলি বাতৰি পৰিৱেশন কৰিছে ৷

  • Defence Minister Rajnath Singh on ASEAN Defence Ministers Meeting Plus (ADMM Plus), in Thailand: As far as India is concerned, we consider ASEAN important for our 'Act East' policy. Undoubtedly, this ASEAN meeting is more important for India than any other country. https://t.co/vQgpKO0xCb

    — ANI (@ANI) November 17, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবৰ উপৰিও ৰাজনাথ সিঙে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হয় ৷ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী টাৰো কোনো আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰন মাৰ্কেও ৰাজনাথ সিঙৰ সৈতে আলোচনাত মিলিত হয় ৷

Intro:Body:

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰৰ সৈতে আলোচনাত মিলিত ৰাজনাথ সিং 

আছিয়ানৰ উদ্যোগত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী আলোচনা (Defence Ministers Meeting-Plus ADMM-Plus)ত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰৰ সৈতে আলোচনাত মিলিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ থাইলেণ্ডৰ ৰাজধানী বেংককত চলি থকা আছিয়ানৰ এই বিশেষ সন্মিলনৰ সময়তে দেওবাৰে আলোচনাত মিলিত হয় ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতা দুগৰাকী ৷ 

নেশ্বনেল ডেস্ক, 17 নৱেম্বৰঃ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ সচিব (US Secy of Defence) মাৰ্ক ইস্পাৰৰ সৈতে আলোচনাত মিলিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ থাইলেণ্ডৰ ৰাজধানী বেংককত চলি থকা আছিয়ানৰ প্ৰতিৰক্ষা মন্ত্ৰী আলোচনাচক্ৰ (Defence Ministers Meeting-Plus ADMM-Plus)ত দুয়োগৰাকী শীৰ্ষ নেতাই এইদৰে মিলিত হয় ৷ 

আছিয়ানৰ অন্তৰ্গত 10খন ৰাষ্ট্ৰৰ লগতে আমেৰিকা, চীন আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শীৰ্ষক আলোচনাত মিলিত হয় ৷ দক্ষিণ চীন সাগৰত চীনৰ সামৰিক কাৰ্যকলাপৰ শেহতীয়া স্থিতিক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাগৰীয় যোগাযোগ ব্যৱস্থাৰ প্ৰতি অহা ভাবুকিক লৈ "বহনক্ষম সুৰক্ষা" শীৰ্ষক বিষয়ত এই আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ 

16 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই আলোচনাচক্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে শনিবাৰেই বেংককলৈ ৰাওনা হয় ৰাজনাথ সিং ৷ হংকঙৰ ইংৰাজী বাতৰি কাকত, South China Morning Postত প্ৰকাশিত বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংঘেৰ লগতো আলোচনাত মিলিত হ'ব ৷ বাতৰি কাকতখনে দক্ষিণ চীন সাগৰত চীনৰ যুদ্ধংদেহী মনোভাৱৰ উদ্ধৃতিৰে এই বিষয়ে আঞ্চলিক প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ মুল বিষয় হ'ব বুলি বাতৰি পৰিৱেশন কৰিছে ৷ 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবৰ উপৰিও ৰাজনাথ সিঙে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হয় ৷ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী টাৰো কোনো আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰন মাৰ্কেও ৰাজনাথ সিঙৰ সৈতে আলোচনাত মিলিত হয় ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.