ETV Bharat / bharat

দুদিনীয়া কাৰ্যসূচীৰে লেহত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

author img

By

Published : Jul 17, 2020, 11:51 AM IST

শুকুৰবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা দেশৰ প্ৰধান বিপিন ৰাৱট আৰু সেনা প্ৰধান এম এম নাৰৱানেৰ সৈতে লেহৰ ষ্টাকনাত উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে দুদিনীয়া এই লাডাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণৰ প্ৰথমদিনা লেহত উপস্থিত হোৱাৰ বিষয়ে টুইটাৰত উল্লেখ কৰিছে ৷

Rajnath Singh arrives Leh, to visit forward areas along LOC LAC Etv bharat news
লেহত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী

নতুন দিল্লী,17 জুলাই: ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, দেশৰ প্ৰতিৰক্ষা প্ৰধান বিপিন ৰাৱট আৰু সেনা প্ৰধান এম এম নাৰৱানে শুকুৰবাৰে লেহৰ ষ্টাকনাত উপস্থিত হয় ৷ তিনিজনীয়া দলটোৱে উক্ত অঞ্চলত অৰ্ধ সামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত সামৰিক কলাৰ কাৰ্যসূচী উপভোগ কৰিব ৷ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে এই বিষয়ে উল্লেখ কৰে ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দুদিনীয়া লাডাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণৰ প্ৰথমদিনা লেহত উপস্থিত হোৱাৰ বিষয়ে টুইটাৰত উল্লেখ কৰিছে ৷ সীমা সুৰক্ষা সম্পৰ্কীয় বিবাদ মীমাংসাৰ বাবে পৰিস্থিতিৰ পৰ্যবেক্ষণৰ লগতে সেনা জোৱানসকলৰ লগতো মত বিনিময় কৰিব মন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে সীমা বিবাদ সম্পৰ্কত প্ৰতিৰক্ষা বিভাগে যথেষ্ঠ গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

  • Leaving for Leh on a two day visit to Ladakh and Jammu-Kashmir. I shall be visiting the forward areas to review the situation at the borders and also interact with the Armed Forces personnel deployed in the region. Looking forward to it.

    — Rajnath Singh (@rajnathsingh) July 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,বিগত 3 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাডাখত উপস্থিত হৈ গালৱান উপত্যকাৰ ভাৰত-চীন সীমা বিবাদৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে সেনা জোৱানসকলৰ সৈতে বিনিময় কৰিছিল মত ৷ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লাডাখৰ পৰা শ্ৰীনগৰলৈ যাত্ৰা কৰিব ৷ য’ত শনিবাৰে নিয়ন্ত্ৰণ ৰেখা(এল অ’ চি) ত পাকিস্তানৰ সৈতে সীমা বিবাদৰ প্ৰসংগত ভাৰতীয় সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব ৷

সামৰিক কলাৰ কাৰ্যসূচী উপভোগ কৰিব মন্ত্ৰীগৰাকীয়ে

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পূৰ্বে প্ৰধানমন্ত্ৰীৰ সৈতে লাডাখত উপস্থিত হোৱাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছিল যদিও সময়ত সেয়া বাতিল হয় ৷ বিগত 5 মে’ৰ পৰা ভাৰতীয় আৰু চীনা সৈন্যসকলক পূৱ লাডাখৰ কেইবাটাও প্ৰান্তত গতিবিধিৰ ওপৰত আঠ সপ্তাহলৈকে কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷ ইয়াৰ পাচত গালৱান উপত্যকাত সংঘটিত হিংসাত্মক কাৰ্যত 20 গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দুদিনীয়া লাডাখ ভ্ৰমণ

পৰৱৰ্তী সময়ত দুয়োপক্ষৰ ৰাজনৈতিক আৰু সেনাৰ বিষয়ববীয়াসকলৰ বৈঠকৰ অন্তত বিগত 6 জুলাইত উভয় পক্ষই এই বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত এক সিদ্ধান্তত উপনীত হয় আৰু সৈনিক সকলক উক্ত হিংসাত্মক কাৰ্য সংঘটিত হোৱা স্থানৰ পৰা আঁতৰাই আনে ৷ মঙলবাৰে দুয়োপক্ষৰ সেনাৰ জ্যেষ্ঠ কমাণ্ডাৰসকলে চতুৰ্থবাৰৰ বাবে বৈঠকত মিলিত হয় ৷ য’ত ভাৰতীয় প্ৰতিনিধিবৰ্গই চীনক স্পষ্টকৈ পূৱ লাডাখৰ স্থিতি সম্পৰ্কে স্পষ্টীকৰণ দিয়াৰ লগতে চীনক এয়া পালন কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ৷

চৰকাৰী সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি এয়া একপ্ৰকাৰ শান্তিচুক্তি ৷ প্ৰায় 15 ঘণ্টা জোৰা দীঘলীয়া বাৰ্তালাপৰ অন্তত ভাৰতীয় প্ৰতিনিধিবৰ্গই চীনা সৈন্যক "ৰঙা ৰেখা"ৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে ৷ উক্ত বৈঠক মূলতঃ দীৰ্ঘদিনে অসমতা স্থাপনক কেন্দ্ৰ কৰি হোৱা সংঘৰ্ষৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হৈছিল বুলি বিভাগীয় সূত্ৰই সদৰী কৰিছে ৷

লগতে চাওকঃ নিযুক্তি কেলেংকাৰী : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক জেৰা ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.