নেশ্যনেল ডেস্ক, 4 জুলাই : যোগগুৰু ৰামদেৱৰ পতঞ্জলী, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে ৷ ইয়াৰোপৰি, NIMS বিশ্ববিদ্যালয়লৈও এই জাননী জাৰি কৰা বুলি তথ্য লাভ কৰা হৈছে ৷ পতঞ্জলীৰ 'Coronil' ঔষধ সম্পৰ্কত উত্তৰ বিচাৰি জাৰি কৰা হৈছে এই জাননী ৷
উল্লেখ্য যে,ৰামদেৱে 'Coronil' ঔষধ মুকলি পাচতে ন্য়ায়ালয়ত দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন (PIL) ৷ ইয়াৰ পাচতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিত মহন্তী আৰু ন্যায়াধীশ প্ৰকাশ গুপ্তাৰ দ্বাৰা গঠিত এক বিচাৰক মণ্ডলীয়ে এই জাননী জাৰি কৰে ৷
এই PIL দাখিল কৰিছিল এছ. কে. সিঙে ৷ সিঙে দাবী কৰা অনুসৰি, AYUSH আৰু ICMR ৰ পৰা সঠিক তথ্য সংগ্ৰহ আৰু পৰীক্ষণ নকৰাকৈ এই ঔষধবিধ পতঞ্জলীয়ে মুকলি কৰিছে ৷
আবেদনকাৰী সিঙে লগতে কৈছিল যে,এই ঔষধ গ্ৰহণ কৰাৰ পাচতো কোনো লোকৰ COVID-19 হ'ব পাৰে আৰু মৃত্যুমুখতো পৰিব পাৰে ৷
উল্লেখ্যে যে, ইয়াৰ পূৰ্বেও সিঙে পতঞ্জলীৰ বিস্কুটত ময়দা মিহলি কৰি প্ৰস্তুত কৰা বুলি এক অভিযোগ দাখিল কৰিছিল ৷ ৰাজস্থানৰ পূৰ্বে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়েও Coronil' ঔষধ সম্পৰ্কত জাননী জাৰি কৰিছিল ৷
আনহাতে,পতঞ্জলীৰ ঔষধবিধ মুকলি কৰাৰ কিছুদিন পাচতে কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে মন্তব্য কৰিছিল যে,এই ঔষধবিধ পতঞ্জলীয়ে কেৱল ৰোগ প্ৰতিৰোধী ঔষধ হিচাপেহে বিক্ৰী কৰিব পাৰিব ৷
ৰামদেৱে দাবী কৰিছিল যে,মন্ত্ৰণালয়ে তেওঁক 'কোভিড চিকিৎসা'ৰ পৰিৱৰ্তে 'কোভিড ব্যৱস্থাপনা' সংজ্ঞাটো ব্যৱহাৰ কৰিবলৈ কৈছিল আৰু তেওঁ এই নিৰ্দেশ পালন কৰিছে ৷
লগতে পঢ়ক : সিন্ধু দৰ্শন পূজাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ