ETV Bharat / bharat

ৰাজস্থানত যুৱকৰ হাতত ধৰ্ষিতা 5 বছৰীয়া শিশু - আদিবাসী সম্প্ৰদায়

ৰাজস্থানৰ বাৰনা জিলাত এগৰাকী 19 বছৰীয়া যুৱকে 5 বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ আঘাতপ্ৰাপ্ত ছাত্ৰী গৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

Rajasthan: 5-year-old girl raped, admitted to hospital in critical condition
ৰাজস্থানত যুৱকৰ হাতত ধৰ্ষিতা 5 বছৰীয়া ছাত্ৰী
author img

By

Published : Aug 13, 2020, 4:36 PM IST

নিউজ ডেস্ক, 13 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে ৰাজস্থানৰ বাৰনা জিলাত এগৰাকী 19 বছৰীয়া যুৱকে 5 বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ধৰ্ষণৰ ফলত শিশু গৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাত ততালিকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বুধবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ লগতে উক্ত ঘটনাটো মঙলবাৰে সন্ধিয়া শ্বাহবাদ অঞ্চলত সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

শ্বাহবাদৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, ঘটনাৰ পিচত শিশুটিৰ দেহৰ পৰা ৰক্ত নিৰ্গত হৈছিল আৰু মঙলবাৰে নিশা বাৰনা জিলাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ আনকি, ঘটনাটোত শিশু গৰাকী ইমানে আঘাতপ্ৰাপ্ত হৈছিল যে পৰৱৰ্তী সময়ত তেওঁক কোটাৰ লোনী চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লগা হৈছিল ৷ আনহাতে, চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, ইতিমধ্যে, শিশুটিৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু দুটা অস্ত্ৰোপচাৰ কৰিব লাগিব বুলিও উল্লেখ কৰে ৷

ৰাজস্থানত যুৱকৰ হাতত ধৰ্ষিতা 5 বছৰীয়া ছাত্ৰী

ইফালে, ভুক্তভোগী শিশুটি আদিবাসী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে সন্ধিয়া বিশেষ কাৰণত বাহিৰলৈ ওলোৱাৰ সময়ত উক্ত ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পিচত ছাত্ৰী গৰাকীয়ে কান্দি কান্দি মাকক সমস্ত কথা বিৱৰি কোৱাত পৰিয়ালৰ লোকে মঙলবাৰে নিশা আৰক্ষী থানাত ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল ৷

উল্লেখ্য যে, আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যত এতিয়াও বানত প্ৰভাৱিত হৈ আছে ১৪ হাজাৰতকৈ অধিক লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.