নিউজ ডেস্ক, 31 জুলাই: ভাৰতত শীঘ্ৰেই পদাৰ্পণ হ'বলগীয়া দ্ৰুতবেগী বুলেট ট্ৰেইনত পানী যোগান ধৰিবৰ বাবে ৰেল মন্ত্ৰণালয়ে প্ৰস্তুত কৰিছে এক অভিলাষী আঁচনি ৷ ইতিমধ্যেই মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনক লৈ সমগ্ৰ দেশত জল্পনা-কল্পনা চলি থকাৰ সময়তেই এই দ্ৰুতবেগী ট্ৰেইনসমূহত পানী যোগানৰ বাবে পৰ্যাপ্ত পানীভাগৰ চাহিদা বৰষুণৰ পৰা পূৰণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৰেল বিভাগে ৷ তাৰ বাবে উক্ত পৰিকল্পনাটো চোৱা-চিতাৰ দায়িত্বত থকা নেচনেল হাই স্পীড ৰেল কৰ্পৰেচন লিমিটেডে মঙলবাৰে এই কথা প্ৰকাশ কৰি কয় যে যিহেতু মুম্বাই-আহমেদাবাদৰ মাজত বুলেট ৰেলৰ প্ৰকল্পটো দ্ৰুত গতিত চলি আছে,গতিকে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজত সৰ্বমুঠ তিনিটা বৃহদাকায় জলভাণ্ডাৰ তৈয়াৰ কৰা হ'ব ৷ ইয়াৰে এটা হ'ল মহাৰাষ্ট্ৰৰ থানে আৰু আন দুটা হৈছে ক্ৰমে গুজৰাটৰ সৱৰমতী আৰু চুৰাট ৷ বুলেট ট্ৰেইন প্ৰকল্পৰ কাৰ্যকৰী সংস্থা নেচনেল হাই স্পীড ৰেল কৰ্পৰেচন লিমিটেড (NHSRCL)ৰ প্ৰবক্তা সুষমা গৌৰে লগতে কয় যে বৰষুণৰ পৰা সংগৃহীত পানীৰ যোগেদি ট্ৰেইনসমূহত পানী উপলব্ধ কৰাৰ উপৰিও জলাধাৰসমূহ থকা প্ৰকল্পৰ সকলো পানীৰ চাহিদা পূৰণ কৰিব পৰা যাব ৷ মন কৰিবলগীয়া কথা যে সমগ্ৰ দেশতেই অব্যাহত থকা জল সংকটৰ সময়ত ৰেল মন্ত্ৰণালয়ৰ এই পদক্ষেপে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3995103_bullet.jpg)