ETV Bharat / bharat

ৰাজ্যসমূহক প্ৰতিদিনে ২.৬ লাখ ভোজনৰ টোপোলা প্ৰদান কৰিব ভাৰতীয় ৰেলে

author img

By

Published : Apr 23, 2020, 8:27 AM IST

দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যসমূহক ৰন্ধা হোৱা ব্যঞ্জন প্ৰদান কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰেলৱে । প্ৰতিদিনেই ৰেলৱে ২.৬ লাখ ব্য়ঞ্জনৰ থালি প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে ।

ৰাজ্যসমূহক প্ৰতিদিনে ২.৬ লাখ ভোজন প্ৰদান কৰিবলৈ সাজু ৰেলৱে

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যসমূহক খাদ্য় প্ৰদান কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰেলৱে । মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, ৰন্ধা হোৱা খাদ্যৰ প্ৰায় ২.৬ লাখকৈ টোপোলা প্ৰতিদিনে প্ৰেৰণ কৰিবলৈ প্ৰস্তুত আছে ভাৰতীয় ৰেলৱে বিভাগ । ইয়াক লৈ ইতিমধ্যে দেশৰ বিভিন্ন জিলাসমূহৰ সৈতে যোগাযোগ কৰিছে মন্ত্ৰালয়ে ।

মন্ত্ৰালয়ে প্ৰকাৰ কৰা অনুসৰি, অঞ্চলবিশেষে থকা ভাৰতীয় ৰেলৱেৰ ৰান্ধনিশালৰ পৰাই এইদৰে প্ৰতিদিনে ২.৬ টোপোলা ৰন্ধা হোৱা খাদ্য প্ৰদান কৰা হ'ব । ইয়াৰ বাবে ৰান্ধনিশালসমূহ সাজু কৰি তোলা হৈছে আৰু যদিহে চাহিদা অধিক বৃদ্ধি পায় তেতিয়া ৰেলৱে ৰান্ধনিশালৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰিব । এই খাদ্যৰ প্ৰতিটো টোপোলাৰ মূল্য হৈছে মাত্ৰ ১৫ টকা । ৰাজ্য চৰকাৰসমূহে এইক্ষেত্ৰত পৰৱৰ্তী সময়ত টকাসমূহ পৰিশোধ কৰিব পাৰিব ।

ৰাজ্যসমূহক অতিৰিক্তভাৱে যোগান ধৰিবলগীয়া খাদ্যৰ টোপোলাসমূহৰ বাবে এই ধনৰাশি পৰিশোধ কৰিব লাগিব । ইতিমধ্যেই প্ৰতিদিনে ৰেলৱে ১ লাখকৈ বিনামূলীয়া খাদ্যৰ টোপোলা যোগান ধৰি আহিছে । ভাৰতীয় ৰেলৱেৰ হৈ IRCTCএ এই কাম সম্পন্ন কৰি আহিছে ।

এইক্ষেত্ৰত ৰেলৱেৰ পূব প্ৰান্তত গয়া, দীনদয়াল, ৰাজিন্দৰ নগৰ, সমষ্টিপুৰ, ধানবাদ, হাজিপুৰ, কাটিহাৰ, গুৱাহাটী, ৰাঁচী, বালাছোৰ, টাটানগৰ আৰু হাওৰা; উত্তৰ প্ৰান্তত নতুন দিল্লী আৰু প্ৰয়াগৰাজ; দক্ষিণ মধ্য প্ৰান্তত বিজয়ৱাড়া, খুৰ্দা ৰোড, বিশাখাপট্টনম আৰু ৰায়পুৰ; দক্ষিণ প্ৰান্তত বাংগালোৰ, হুবলী, টিৰুচিৰাপল্লী, কাটপাড়ী, চাংগলপা আৰু মাদুৰাই তথা পশ্চিম প্ৰান্তত মুম্বাই, আহমেদাবাদ, পুনে আৰু ভূষাৱলস্থিত ৰান্ধনিশালসমূহ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে ।

লগতে পঢ়কঃ চৰ অঞ্চলৰ নৌকা স্বাস্থ্য সেৱাৰ কথা জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.