ETV Bharat / bharat

COVID-19: আগন্তুক দুদিনলৈ বন্ধ থাকিব ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয় - ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয়

আগন্তুক দুদিনৰ বাবে বন্ধ থাকিব ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয় । কাৰ্যালয়ৰ কেইবাগৰাকীও বিষববীয়াৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰাৰ পাচতে ১৪ জুলাই মঙলবাৰৰ পৰা বন্ধ থাকে ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয় ।

ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয়
ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয়
author img

By

Published : Jul 14, 2020, 1:56 PM IST

নিউজ ডেস্ক, ১৪ জুলাইঃ ভাৰতীয় ৰে'ল বিভাগৰ মুখ্য কাৰ্যালত কেইবাগৰাকীও বিষববীয়াৰ দেহত ধৰা পৰে মহামাৰী COVID-19ৰ উপস্থিতি । যাৰ বাবে ১৪ জুলাইৰ পৰা আগন্তুক দুদিনৰ বাবে বন্ধ থাকিব ভাৰতীয় ৰে'ল সেৱাৰ মুখ্য কাৰ্যালয় ।

সোমবাৰে এক বিবৃতিযোগে এই কথা সদৰি কৰে ভাৰতীয় ৰে'ল বিভাগে । ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয়ত ৰে'লৱে কৰ্মচাৰীসকলৰ বাবে ৯, ১০ আৰু ১৩ জুলাইত আয়োজন কৰা বিশেষ ৰেপিড এণ্টিজেন পৰীক্ষা শিৱিৰৰ সময়ত ধৰা পৰে COVID-19ৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ১৪ আৰু ১৫ জুলাইত ৰে'ল বিভাগৰ মুখ্য কাৰ্যালয়ত বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰে'ল বিভাগে । ৰে'ল বিভাগৰ মুখ্য় কাৰ্যালয় ছেনিটাইজ কৰাৰ বাবেই দুদিনৰ বাবে বন্ধ কৰি দিয়ে বুলি জানিবলৈ দিয়ে ।

আনহাতে, মুখ্য কাৰ্যালয় বন্ধ থকা সময়ছোৱাত সকলো কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব আৰু ফোনযোগে তথা অন্যান্য ইলেকট্ৰনিক উপায়েৰে কৰ্মচাৰীসকল উপলব্ধ থাকিব বুলি মত প্ৰকাশ কৰে ভাৰতীয় ৰে'ল বিভাগে । তাৰোপৰি জৰুৰি অৱস্থাত তথা প্ৰয়োজন সাপেক্ষে সংশ্লিষ্ট কৰ্মকৰ্তাক কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে ভাৰতীয় ৰে'ল বিভাগে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.