ETV Bharat / bharat

হাৰিয়ানালৈ ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী - ট্ৰেক্টৰ ৰেলী

কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। 'খেতি বচাও' যাত্ৰা' শীৰ্ষক ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণৰ বাবে মঙলবাৰে হাৰিয়ানা অভিমুখে ৰাওনা হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। হাৰিয়ানাৰ ৰাজ্যিক কংগ্ৰেছৰ প্ৰমুখ তথা প্ৰাক্তন মন্ত্ৰী কুমাৰী শৈলজাই টুইটযোগে এই কথা প্ৰকাশ কৰে।

'খেতি বচাঅ' যাত্ৰা'ত অংশগ্ৰহণৰ বাবে হাৰিয়ানালৈ ৰাওনা ৰাহুল গান্ধী

author img

By

Published : Oct 6, 2020, 2:17 PM IST

নেশ্যনেল ডেস্ক, ৬অক্টোবৰ: কৃষক বিৰোধী আইনৰ প্ৰতিবাদত হাৰিয়ানাত কংগ্ৰেছৰ ট্ৰেক্টৰ ৰেলীৰ আয়োজন। 'খেতি বচাও যাত্ৰা' শীৰ্ষক ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণৰ বাবে মঙলবাৰে হাৰিয়ানা অভিমুখে ৰাওনা হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পূৰ্বে দুদিনীয়া কাৰ্যসুচী নিৰ্ধাৰণ কৰা হৈছিল যদিও এটা দিনৰ বাবেহে হাৰিয়ানালৈ যাব কংগ্ৰেছ নেতাগৰাকী। এই কথা টুইটযোগে প্ৰকাশ কৰে হাৰিয়ানাৰ ৰাজ্যিক কংগ্ৰেছৰ প্ৰমুখ তথা প্ৰাক্তন মন্ত্ৰী কুমাৰী শৈলজাই। ৰাহুল গান্ধী প্ৰথমে হাৰিয়ানাৰ পিহ'ৱাত উপস্থিত হ'ব আৰু তাৰ পৰাই কুৰুক্ষেত্ৰলৈ যাব। কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।

হাৰিয়ানাৰ পূৰ্বে পঞ্জাৱত 'খেতি বচাও যাত্ৰা' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল ৰাহুলে। উল্লেখ্য যে, বিৰোধী দলে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কৃষি আইনৰ বিৰুধিতাৰে কৃষকক দিকভ্ৰস্ত কৰিছে বুলি মন্তব্য কৰে হাৰিয়ানাৰ বি জে পি মন্ত্ৰী অনিল বিজে। লগতে পঞ্জাৱৰ পৰা অহা প্ৰতিবাদী সমদল হাৰিয়ানাৰ সীমাত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হাৰিয়ানাৰ কৃষকক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ সময়ত প্ৰতিবাদী সভাত অংশগ্ৰহণ,পথ অৱৰোধ আদি কাৰ্যসূচীত অংশ লোৱা উচিত নহয় বুলিও মন্তব্য কৰে। মন্ত্ৰী অনিল বিজৰ মন্তব্যৰ পিছতে উভতি ধৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে, হাৰিয়ানাত জংঘলৰ শাসন চলি আছে নেকি যে, আপুনি প্ৰৱেশত বাধা দিব।

লগতে পঢ়ক:উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত ৫জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.