নিউজ ডেস্ক, ১ জুলাইঃ বিশ্ব চিকিৎসক দিৱস উপলক্ষে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিডিঅ' কনফাৰেঞ্চিং যোগে নাৰ্চসকলৰ সৈতে মত বিনিময় কৰে। কোভিড-১৯ৰ এই সংকটৰ সময়ত চিকিত্সক তথা নাৰ্চসকলে আগবঢ়াই অহা সেৱাৰ বাবে দেশবাসী বহুত গৌৰৱান্বিত। এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে সাংসদ ৰাহুল গান্ধীয়ে।
![Rahul Gandhi interacts with nurses on COVID-19 crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:45:59:1593584159_rahul_interaction_july_1_ani1593583795347-74_0107email_1593583813_151.jpg)
ৰাহুল গান্ধীৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৪ গৰাকী নাৰ্চে। নিউজিলেণ্ডৰ অনু ৰাগনাট,অষ্ট্ৰেলিয়াৰ নৰেন্দ্ৰ সিং,ইউ কেৰ শেৰলিলম'ল পুৰাভাদি আৰু নতুন দিল্লী এইমছত কৰ্মৰত বিপিন কৃষ্ণণে প্ৰাক্তন কংগ্ৰেছ দলৰ অধ্য়ক্ষগৰাকীৰ সৈতে মত-বিনিময় কৰে।
"বিশ্বৰ এই সংকটৰ সময়ত আপোনালোকৰ দৰে বহু মিলিয়ন চিকিৎসক তথা নাৰ্চে ৰাইজৰ হৈ সেৱা আগবঢ়াই থকা কাৰ্যত আমি গৌৰৱান্বিত। ভাৰতৰ লগতে বিশ্বৰ আন আন দেশত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ ।" নাৰ্চসকলৰ সৈতে মত-বিনিময় কৰি এই কথা উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। এই মত-বিনিময় সময়ছোৱাত নাৰ্চসকলেও তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰে।
উল্লেখ্য যে, এই মহামাৰীৰ সময়ত ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত বহু নাৰ্চে বিনা বেতনে কাম কৰিবলগীয়া হৈছে। কিন্তু এই সময়তো সেনাৰ দৰে চিকিৎসক তথা নাৰ্চসকলে কাম কৰি আহিছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উল্লেখ কৰে।
লগতে চাওকঃ ভগৱান শ্ৰী জগন্নাথৰ বাহুদা যাত্ৰা