ETV Bharat / bharat

ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিৰ অন্তৰালত থকা ব্যক্তিগৰাকী

author img

By

Published : Sep 13, 2020, 10:43 PM IST

আৰজেডি দলৰ জ্যেষ্ঠ নেতা তথা লালু প্ৰসাদ যাদৱৰ বিশ্বস্ত সহযোগী ৰঘুবংশ সিঙৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ দেশৰ গ্ৰাম্য আত্মসংস্থাপনৰ দিশত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ দৰে আঁচনি প্ৰৱৰ্তন কৰা আৰু ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত পাৰমানৱিক চুক্তিৰ অন্যতম হোতা আছিল ৰঘুবংশ প্ৰসাদ সিং ৷

ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিৰ অন্তৰালত থকা ব্যক্তিগৰাকী
ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিৰ অন্তৰালত থকা ব্যক্তিগৰাকী

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ : আগন্তুক মাহত অনুষ্ঠিত হ'বলগীয়া বিহাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় জনতা দল ৷ ৰাষ্ট্ৰীয় জনতা দলৰ বিশ্বস্ত নেতা তথা লালু প্ৰসাদ যাদৱৰ অন্যতম সহযোগী নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দেওবাৰে দিল্লীৰ এইমছত পৰলোকপ্ৰাপ্তি ঘটে ৷ কোভিড-19ৰ লক্ষণ ধৰা পৰিছিল জ্যেষ্ঠ নেতাগৰাকীৰ দেহত ৷ হাঁওফাওত সংক্ৰমণৰ হোৱা সিঙক দুদিন পূৰ্বেই ভেন্টিলেটৰত ভৰ্তি কৰোৱা হৈছিল আৰু ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবেই এসপ্তাহ পূৰ্বেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

উল্লেখ্যে যে, কিছুদিন পূৰ্বেই আৰজেডিৰ পৰা পদত্যাগ বিচাৰি আবেদন কৰিছিল সিঙে ৷ কিন্তু সিঙৰ এই পদত্যাগ পত্ৰ প্ৰত্যাখান কৰাৰ লগতে তেওঁ দলত থাকিয়ে কাম কৰি যাব বুলি প্ৰকাশ কৰিছিল লালু প্ৰসাদ যাদৱে ৷ কৰ্পুৰী থাকুৰৰ মৃত্যুৰ পিচত লালু প্ৰসাদে সিঙৰ সৈতে বিগত 32 বছৰে একেলগে কাম কৰি আছিল ৷ আৰজেডিলৈ প্ৰাক্তন সাংসদ ৰামা সিঙৰ আগমণক লৈ অসন্তুষ্ট হৈছিল ৰঘুবংশ সিং ৷ ইয়াৰ পিচতেই দলত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল যদিও লালুৱে সৈমান কৰাবলৈ সক্ষম হৈছিল সিঙক ৷

বিহাৰৰ বৈশালী সমষ্টিৰ পৰা পাঁচবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা ৰঘুবংশ প্ৰসাদ সিঙে 74 বছৰত মৃত্যুবৰণ কৰে ৷ সামাজিক ন্যায়ৰ ৰাজনীতিক লৈ বিশেষভাৱে চৰ্চিত আছিল ৰঘুবংশ সিঙৰ নাম ৷ কৰ্পুৰী ঠাকুৰৰ কেবিনেটত থকা সিঙে পৰৱৰ্তী সময়ত লালু প্ৰসাদ যাদৱৰ সৈতে একেলগে ৰাষ্ট্ৰীয় জনতা দলক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল ৷ যিটো সময়ত লালু প্ৰসাদ যাদৱৰ নাম পশুখাদ্য কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল তেনে সময়তে লালুক সংগ দি দলটোক উদ্ধাৰ কৰিছিল সিঙে ৷

এগৰাকী উচ্চশিক্ষিত ৰাজনৈতিক নেতাৰ হোৱাৰ লগতে তেওঁ সাধাৰণ ব্যৱহাৰ তথা সামাজিক ন্যায়ৰ দিশটোৱে ৰঘুবংশ সিঙক কেৱল মাত্ৰ ৰাষ্ট্ৰীয় জনতা দলতেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ ৰাজনৈতিক নেতাসকলৰ মাজত এক আগস্থান প্ৰদান কৰিছিল ৷ এগৰাকী গণিতজ্ঞ হিচাপে ৰাজনীতিৰ পথাৰখনত ৰঘুবংশ সিঙে সৰ্বাধিক চৰ্চা তেতিয়াই লাভ কৰিছিল যেতিয়াই ইউপিএ চৰকাৰে সেইসময়ত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন প্ৰনয়ন কৰাৰ লগতে কৰ্মৰ অধিকাৰক আগস্থান দিছিল ৷

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, 2005 প্ৰৱৰ্তন কৰাৰ আঁৰত আছিল ৰঘুবংশ প্ৰসাদ সিঙৰ সামাজিক ন্যায়ৰ অভিলাসী লক্ষ্য ৷ ইয়াৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ অসামৰিক পাৰমানৱিক চুক্তি সম্পাদন হোৱাৰ অন্তৰালতো আছিল এইগৰাকী মহান ৰাজনৈতিক নেতাৰ ৰণনীতি আৰু ইয়াৰ বাবেই 2009ত দেশৰ শাসনৰ ভাৰ পুনৰবাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ইউপিএ চৰকাৰে ৷

কিন্তু মোডীৰ যুগত এইগৰাকী মহান নেতাই 2014ৰ লগতে 2019ত বেয়াকৈ মুখথেকাচা খাইছিল যদিও বিহাৰত তেওঁৰ দপদপনি মৃত্যুৰ সময়লৈকে অৱধাৰিত আছিল ৷ তেওঁ নিজৰ মনৰ কথা খোলাকৈ ব্যক্ত কৰাৰ লগতে শাসনত থকাৰ সময়তো নিজৰ দলৰ নীতিক লৈ প্ৰশ্নৰ উত্থাপন কৰিবলৈ পিছহোহুকা নাছিল ৷ তেওঁৰ ৰাজনৈতিক ক্ষমতা ইমানেই সুদৃঢ় আছিল যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰত মুকলি কৰা তিনিখনকৈ আঁচনিৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই তেওঁৰ স্মৰণ কৰি ইয়াৰ উদ্বোধন কৰিছিল ৷

এইগৰাকী মহান নেতালৈ ইটিভি ভাৰতৰ পৰাও সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.