ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পৰা ভাড়া লোৱাক লৈ সক্ৰিয় ৰাহুল গান্ধী

author img

By

Published : May 4, 2020, 3:47 PM IST

কোভিড-১৯ লকডাউনৰ মাজতে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিভ্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধন সংগ্ৰহ কৰাক লৈ সৰৱ হৈ পৰে ৰাহুল গান্ধী ।

ৰাহুল গান্ধী
ৰাহুল গান্ধী

নিউজ ডেস্ক, ৪ মে' : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক নিজ নিজ গৃহলৈ ওভোটাই পঠিওৱা কাৰ্যক সমালোচনা কৰে । তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰি, শ্ৰমিকসকলে ঘৰ যোৱাৰ বাবে ভাৰতীয় ৰেলে গ্ৰহণ কৰা ভাড়াক লৈ সৰৱ হৈ পৰে কংগ্ৰেছ নেতাগৰাকী । যিটো সময়ত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ ১৫১ কোটিৰো অধিক ধন আহিছে তেনে অৱস্থাত সাধাৰণ শ্ৰমিকৰ পৰা ৰেল ভাড়া লোৱাটো মুঠেই সন্তোষজনক নহয় যদিও কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যই সম্পন্ন কৰিছে ।

  • एक तरफ रेलवे दूसरे राज्यों में फँसे मजदूरों से टिकट का भाड़ा वसूल रही है वहीं दूसरी तरफ रेल मंत्रालय पीएम केयर फंड में 151 करोड़ रुपए का चंदा दे रहा है।

    जरा ये गुत्थी सुलझाइए! pic.twitter.com/qaN0k5NwpG

    — Rahul Gandhi (@RahulGandhi) May 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ ধন দান কৰাৰ সময়তে ভাৰতীয় ৰেলে শ্ৰমিকৰ পৰা টিকটৰ ভাড়া সংগ্ৰহ কৰিছে । কিন্তু একেসময়তে ভাৰতীয় ৰেলে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ ১৫১ কোটি দান কৰিছে । দুয়োটা বিষয়ে গৰিহণাৰ যোগ্য আৰু দুয়োটা বিষয়ত উদ্ভৱ হোৱা জটিলতা শিথিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে ।

লকডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ভ্ৰমণৰ খৰচ নিৰ্ধাৰিত ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছে বহন কৰিব বুলি পূৰ্বে মন্তব্য কৰিছিল দলটোৱে ।

ভাৰতীয় ৰেলে শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ চলাচলেৰে শ্ৰমিক, শিক্ষাৰ্থী, তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক নিজ নিজ গৃহৰাজ্যলৈ ওভোটাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । দেশৰ প্ৰথমখন শ্ৰমিক স্পেচিয়েল ট্ৰেইন, বিগত ১ মে'ত ১,২০০ যাত্ৰীসহ তেলেংগানাৰ পৰা ঝাৰখণ্ডলৈ যাত্ৰা আৰম্ভ কৰে । ১ মে'ৰ পৰা ৰেলৱে ২৫খন শ্ৰমিক স্পেচিয়েল ট্ৰেইন চলাচল কৰায় । এই ৰেলৰ চলাচলৰ সকলো খৰচ ৰাজ্য চৰকাৰৰ পৰা সংগ্ৰহ কৰা হ'ব বুলি কৈছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰিৱৰ্তে শ্ৰমিকৰ পৰা ভাড়াৰ বাবদ টকা সংগ্ৰহ কৰিছে ৰেলৱে ।

কোভিড-১৯ মহামাৰীৰ সময়ত দেশৰ পৰা বিদেশলৈ গুচি যোৱা লোকসকলক বিনামূলীয়াকৈ ভাৰতলৈ ওভোটাই আনিবলৈ সিদ্ধান্ত লৈছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । কোনো মূল্য নোলোৱাকৈ বহুসংখ্যক প্ৰবাসী ভাৰতীয়ক স্বদেশলৈ উদ্ধাৰ কৰি আনিছিল মন্ত্ৰালয়ে । কিন্তু এনে অৱস্থাত দেশৰ অৰ্থনীতিৰ সৈতে জড়িত সাধাৰণ শ্ৰমিকৰ ভাড়া ৰাজ্য চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰিও ভাৰতীয় ৰেলৱে চৰম অন্যায়ভাৱে শ্ৰমিকৰ পৰা টিকটৰ নামত বৃহৎ ধন সংগ্ৰহ কৰাটো গৰিহণাৰ যোগ্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.