ETV Bharat / bharat

পুৰী ৰথ যাত্ৰা : জানক "ফুলুৰী সেৱাৰ" অন্তনিৰ্হিত কথা - পুৰী

পবিত্ৰ জলেৰে 108 টা কলহৰ সৈতে নীতি-নিয়মৰ মাজেৰে স্নানৰ পাচতেই জ্বৰত আক্ৰান্ত হয় ভগৱান জগন্নাথ,ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰা । এই সময় খিনিতেই পবিত্ৰ ত্ৰিমূৰ্তিক "আনছাৰা ঘৰ"ৰ ভিতৰত চিকিৎসা প্ৰদান কৰা হয় । তেতিয়াই তেওঁলোক বিশেষ ফুলুৰী সেৱা প্ৰদান কৰা হয় ।

Puri Rath Yatra: Know inside story of 'Phuluri Seva' which heals the Holy Trinity
author img

By

Published : Jun 13, 2020, 6:37 PM IST

পুৰী,13 জুনঃ পুৰী শ্ৰীমন্দিৰৰ পবিত্ৰ ত্ৰিমূৰ্তি,যি দীৰ্ঘসময়ৰ পৰা চলি অহা পৰম্পৰা অনুসৰী স্নানা পূৰ্ণিমাৰ সময়ত ধৰ্মীয় ৰীতি-নীতিৰ স্নানৰ পাচতেই জ্বৰৰ বিৰুদ্ধে আৰোগ্য় লাভৰ বাবে গৰ্ভগৃহৰ ভিতৰত এক বিশেষ বনৌষধি চিকিৎসা প্ৰদান কৰা হয় । বাৰ্ষিক ৰথ যাত্ৰা উৎসৱৰ অংশ হিচাপে দেৱতা সকলক ফুলুৰী সেৱাৰ অনাবছাৰা সময়কালৰ পঞ্চম দিনা ৰাজা ৰৌদাৰ তত্বাবধানত গোপনে নিৰাময় পদ্ধতিৰ অংশ হিচাপে বনষৌধি তেলৰ চিকিৎসা দিয়া হয় ।

পৰাম্পৰাগত ভাৱে প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত পালন কৰা হয় ফুলুৰী সেৱা । প্ৰথমবাৰৰ বাবে এই সেৱা আগবঢ়াইছিল শ্ৰীমাদ ভাগৱতৰ লেখক অতিবাদী জগন্নাথ দাসে । তেওঁ ভগৱান চৈতন্যৰ সমসাময়িকৰ এজন অন্য়তম আছিল । এই সেৱাৰ বাবেই ফুলুৰী তেলৰ ব্যৱহাৰ কৰা হয় ।

"ফুলুৰী সেৱাৰ" অন্তনিৰ্হিত কথা

আনাছাৰা অনুষ্ঠানৰ সময়ত ফুলুৰী তেল দেৱতা সকলৰ চিকিৎসাৰ বাবে মন্দিৰত প্ৰেৰণ কৰা হয় । যি সকল স্নানা পূৰ্ণিমাৰ পবিত্ৰ স্নানৰ পাচত 14 দিনৰ বাবে জ্বৰত অসুস্থ হৈ পৰে ।

দেতাপতি (অনাবাছাৰা সময়ত দেৱতাৰ সেৱক) যিয়ে অসুস্থ দেৱতা সকলৰ শৰীৰত এই তেলৰ প্ৰলেপন কৰে । সেৱা সম্পূৰ্ণ হৈ উঠাৰ পাচতেই দেৱতা সকলক শক্ত ভোজন খাবলৈ দিয়া হয় । এই সেৱাৰ পূৰ্বে অসুস্থ দেৱতা সকলক তৰল খাদ্য খাবলৈ দিয়া হয় ।

দেৱতা সকলৰ সেৱাত প্ৰায় 165 জন সেৱক নিয়োজিত হৈ থাকে । শ্ৰী জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বাবে বহু মহত্বপূৰ্ণ, ৰহস্যপূৰ্ণ আৰু অভূতপূৰ্ব অনুষ্ঠান হয় এইটো ।

বিশ্বাস কৰা হয় যে, এই বনৌষধি তেলৰ চিকিৎসাৰ দ্বাৰা দেৱতা সকল ৰথযাত্ৰা নামে পৰিচিত মাউচি মা মন্দিৰত তেওঁলোকৰ বাৰ্ষিক বসবাস আৰম্ভ কৰাৰ পূৰ্বে কাৰ্যকৰভাৱে সুস্থ হৈ উঠে ।

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত ভগৱান জগন্নাথৰ পৰিচালক সৌম্যা ৰঞ্জন মুদুলিয়ে কয়, ফুলুৰী তেলটো সৰবৰাহ কৰে ওড়িয়া মুটে । এই তেলত সংমিশ্ৰত থাকে- খাঁটি তিল তেল, বেনাৰ শিপা, বিভিন্ন ৰকমৰ সুগন্ধি ফুল জেছমিন, জুঁই আৰু মালি । তিলৰ তেল ফুলুৰী তেলৰ আধাৰতে বনোৱা হয় । উক্ত সকলো সামগ্ৰীৰ সৈতে মিশ্ৰিত তেলক মাটিৰ পাত্ৰত ৰখা হয় । মাটিৰ পাত্ৰটো মাটিৰ সৈতে ছীল কৰি প্ৰতি বছৰে হেৰা পঞ্চমীৰ পৰা আনাছাৰা সময় লৈ ভূগৰ্ভত ৰখা হয় ।

মাথেৰ প্ৰধান তত্বাবধায়ক তৈয়াৰ কৰা মিশ্ৰণটি শ্ৰীমন্দিৰৰ হাতত দিয়াৰ পাচত পাতি মহাপাত্ৰই নিৰাময়ৰ অনুষ্ঠানটি সম্পাদন কৰে ।

জ্বৰৰ বাবে শৰীৰত হোৱা গুৰুতৰ বিষ পৰিত্ৰাণ পাবলৈ তেওঁলোকৰ দেহত ফুলুৰী তেল প্ৰয়োগ কৰা হয় । তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণ কৰাৰ পূৰ্বে চন্দন, চাক, ঔষধৰ আৱেদন, ষ্টাৰ্চ, চিলাই আদি অনুষ্ঠান কৰা হয় ।

অন্ধকাৰ পাক্ষিকৰ চৈধ্যতম দিন (অমাৱস্যাৰ দিনৰ এদিন পূৰ্বে) যেতিয়া ভগৱান প্ৰথম যৌৱনে ভক্ত সকলৰ ওচৰত উপস্থিত হোৱাৰ বাবে আকৌ প্ৰস্তুত হয় তেতিয়া তাক "নেত্রোৎসব" বা "নৱ যৌৱন দৰ্শন" নামে জনা যায় বুলি উল্লেখ কৰে ডঃ শৰৎ মহন্তী, পৰিচালকে ।

বৰ্তমানে ভগৱান জগন্নাথ আৰু তেওঁ সহোদৰ দেৱতা সকল ভক্ত সকলৰ সীমাৰ বাহিৰত দেৱাস্নানা পূৰ্ণিমাত এক বিলাসবহুল স্নান কৰাৰ পাচত সুস্থতাৰ এক পাক্ষিক সময়ৰে অতিক্ৰম কৰি আছে ।

লগতে চাওকঃ চীনৰ অগ্ৰাসনৰ বিৰুদ্ধে ভাৰতক সমৰ্থন দিব আমেৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.