ETV Bharat / bharat

সুদীৰ্ঘ ৯ মাহৰ পিছত মুকলি হ'ল পুৰীৰ জগন্নাথ মন্দিৰৰ দুৱাৰ

author img

By

Published : Jan 3, 2021, 12:53 PM IST

দেশী-বিদেশী অগনন ভক্তৰ অপেক্ষাৰ অন্ত পেলাই সুদীৰ্ঘ ৯ মাহৰ পিছত মুকলি হ'ল পুৰীৰ জগন্নাথ মন্দিৰ । ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত বিভিন্ন নিয়ম বান্ধি দিছে জিলা প্ৰশাসনে । মন্দিৰ পৰিসৰৰ ভিতৰত মাহ-প্ৰসাদ গ্ৰহণৰ বাবে অনুমতি নাথাকিব । ভক্তসকলে ক'ভিড পৰীক্ষা কৰাটো অনিবাৰ্য ।

দৰ্শনাৰ্থীৰ বাবে মুকলি পুৰীৰ জগন্নাথ মন্দিৰ

নেশ্য়নেল ডেস্ক , ৩ জানুৱাৰী : কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে দেশৰ মঠ-মন্দিৰ তথা ধৰ্মীয় অনুস্থানসমূহ দীৰ্ঘ সময় ধৰি বন্ধ হৈ আছিল । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি ভক্তৰ বাবে বন্ধ কৰি ৰখা হৈছিল উপাসনাস্থলী সমূহ । অৱশ্য়ে স্বাস্থ্য় বিধি পালন কৰি ইয়াৰে বহু স্থান ইতিমধ্য়ে মুকলি কৰা হৈছে । দেশৰ অন্য়তম তীৰ্থস্থান ওড়িশাৰ শ্ৰীশ্ৰীজগন্নাথ মন্দিৰো দেওবাৰে সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হয় । দেশ বিদেশৰ অগণন ভক্তৰ অপেক্ষাৰ অন্ত পেলাই সুদীৰ্ঘ ৯ মাহৰ পিছত মুকলি কৰা হয় পুৰীৰ এই জগন্নাথ মন্দিৰৰ দুৱাৰ ।

কিন্তু ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত বিভিন্ন নিয়ম বান্ধি দিছে জিলা প্ৰশাসনে । জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তসকলে ক'ভিড পৰীক্ষা কৰাটো অনিবাৰ্য । ক'ভিড নিগেটিভ ৰিপ'ৰ্ট থকা দৰ্শনাৰ্থীসকলেহে মন্দিৰত প্ৰবেশ কৰিব পাৰিব । পুৰী জিলাৰ উপায়ুক্তই জনোৱা মতে মন্দিৰ পৰিসৰৰ ভিতৰত মাহ-প্ৰসাদ গ্ৰহণৰ বাবে অনুমতি নাথাকিব । লগতে প্ৰতিদিনে প্ৰায় ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ দৰ্শনাৰ্থীয়ে মন্দিৰ দৰ্শন কৰিব বুলি আশা কৰিছে জিলা প্ৰশাসনে ।

উল্লেখ যে বিগত বছৰৰ ২৩ ডিচেম্বৰত কেৱল মন্দিৰ কৰ্তৃপক্ষৰ কিছু কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে মন্দিৰ খুলি দিয়া হৈছিল । ইয়াৰোপৰি ২৬ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ কেৱল পুৰী নগৰপালিকাৰ বাসিন্দাসকলৰ বাবে মন্দিৰ দৰ্শনৰ অনুমতি দিয়া হৈছিল । তাৰ পিছতে ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য় ৰাখি ১ আৰু ২ ডিচেম্বৰত মন্দিৰ পুনৰ বন্ধ কৰি দিয়া হৈছিল ।

লগতে পঢ়ক : দেশত ক’ভিড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন ডিজিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.