নিউজ ডেস্ক, 22 অক্টোবৰঃ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিগত এমাহ ধৰি ধাৰাবাহিক যুদ্ধবিৰতি ভংগ কৰি আহিছে পাকিস্তানে ৷ শেহতীয়াকৈ পঞ্জাৱৰ ভাৰত-পাক সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা বিএছএফে মঙলবাৰে ধৰা পেলাইছে তিনিখনকৈ পাকিস্তানী ড্ৰ'নৰ উপস্থিতি ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
পঞ্জাৱৰ ভাৰত-পাক সীমান্তৰ ফিৰোজপুৰ হুছেইনৱালা ছেক্টৰত মঙলবাৰে বিএছএফে প্ৰত্যক্ষ কৰে পাকিস্তানী ড্ৰ'নকেইখন ৷ চৰকাৰীভাৱে কোনো বিজ্ঞপ্তি প্ৰকাশ নকৰিলেও বিএছএফে ড্ৰ'নকেইখনৰ ওপৰত গুলিচালনা কৰি ভূপতিত কৰিবলৈ সক্ষম হয় বুলি এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে ৷ ঘটনাৰ পিচতে ভাৰত-পাক সীমান্তত হাই এলাৰ্ট ঘোষণাৰে অতিৰিক্ত বাহিনী মোতায়েন কৰিছে বিএছএফে ৷
ইয়াৰ পূৰ্বেও পঞ্জাৱত বহুকেইখন পাকিস্তানী ড্ৰ'নৰ উপস্থিতি ধৰা পৰিছিল ৷ পঞ্জাৱ আৰক্ষীৰ লগতে বিএছএফে বিগত সময়চোৱাত বহুকেইখন পাকিস্তানী ড্ৰ'ন ভূপতিত কৰিবলৈ সক্ষম হৈছিল ৷ চলিত মাহৰ আৰম্ভণিতে বস্তিৰামলাল,টেণ্ডিৱালা আৰু হাজাৰাৱালা গাঁৱত প্ৰত্যক্ষ হৈছিল চীনত নিৰ্মিত পাকিস্তানী ড্ৰ'ন ৷
লগতে পঢ়কঃ শ্বহীদ বীৰ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি ভাৰতীয় সেনাৰ
মঙলবাৰৰ ঘটনাৰ পিচতে বিএছএফ তথা পঞ্জাৱ আৰক্ষীয়ে সীমান্তত বসবাস কৰা লোকসকলক অধিক সতৰ্ক কৰি দিয়াৰ লগতে কোনো সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰিলে আৰক্ষীক ততালিকে জনাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷