ETV Bharat / bharat

18 মাহৰ অন্তত পুলৱামা কাণ্ডৰ চাৰ্জশ্বিট দাখিল NIAৰ

18 মাহৰ অন্তত পুলৱামা কাণ্ডৰ চাৰ্জশ্বিট দাখিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ ৷ প্ৰায় 13,500 পৃষ্ঠাৰ চাৰ্জশ্বিটখনত পুলৱামা কাণ্ডৰ সকলো পৰিকল্পনাৰ কথা বিস্তৃতভাৱে বাখ্যা কৰা হৈছে ৷ জেইছ-এ-মুহম্মদৰ প্ৰধান মৌলানা মছুদ অজহৰ উপৰিও তেখেতৰ ভাতৃ আব্দুল ৰফ অছগৰ আৰু অম্মৰ অলভি, ভতিজাক ওমৰ ফাৰুকৰ নামো চাৰ্জশ্বিটখনত অন্তৰ্ভূক্ত কৰা হৈছে ৷

Pulwama attack: NIA files chargesheet
18 মাহৰ অন্তত পুলৱামা কাণ্ডৰ চাৰ্জশ্বিট দাখিল NIAৰ
author img

By

Published : Aug 25, 2020, 8:14 PM IST

নেশ্যনেল ডেক্স, 25 আগষ্টঃ 18 মাহৰ অন্তত পুলৱামা কাণ্ডৰ চাৰ্জশ্বিট দাখিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ ৷ বিগত বৰ্ষৰ 18 ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফ জোৱানৰ ওপৰত আত্মঘাতী আক্ৰমণ চলাইছিল জেইছ-এ-মুহম্মদ সন্ত্ৰাসবাদী সংগঠনটোৱে ৷ মঙলবাৰে এই ঘটনাৰ 18 মাহৰ অন্তত জেইশ-এ-মুহম্মদৰ প্ৰধান মছুদ আজহৰ লগতে অন্য 19 গৰাকী লোকৰ নামত চাৰ্জশ্বিট দাখিল কৰিছে NIA ই ৷

প্ৰায় 13,500 পৃষ্ঠাৰ চাৰ্জশ্বিটখনত পুলৱামা কাণ্ডৰ সকলো পৰিকল্পনাৰ কথা বিস্তৃতভাৱে বাখ্যা কৰা হৈছে ৷ জৈছ-এ-মুহম্মদৰ প্ৰধান মৌলানা মছুদ আজহৰ উপৰিও তেখেতৰ ভাতৃ আব্দুল ৰফ অছগৰ আৰু অম্মৰ অলভি, ভতিজাক ওমৰ ফাৰুকৰ নামো চাৰ্জশ্বিটখনত অন্তৰ্ভূক্ত কৰা হৈছে ৷ পুলৱামা ষড়যন্ত্ৰৰ বাবে কাশ্মীৰত উপস্থিত হোৱা ওমৰ ফাৰুকৰ পিতৃ ইব্ৰাহিম আথাৰ 2019 বৰ্ষৰ মাৰ্চত সুৰক্ষা বাহিনীৰ অভিযানত নিহত হয় ৷

উল্লেখ্য যে, পুলৱামা আক্ৰমণত 40গৰাকীকৈ চিআৰপিএফৰ জোৱানে মৃত্যুক সাৱতি ল’বলগীয়া হৈছিল ৷ জইছ-এ-মুহম্মদৰ 20 বৰ্ষীয় সদস্য আদিল আহমেদ ডৰে জম্মু-শ্ৰীনগৰ ঘাইপথত বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি বাহন এখনেৰে চিআৰপিএফৰ কনভয়ত খুন্দিয়াইছিল ৷ এই দুৰ্ঘটনাত 40 গৰাকী জোৱান থিতাতে নিহত হোৱাৰ বিপৰীতে প্ৰায় 12 গৰাকী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷

এই আক্ৰমণে ভাৰত-পাকিস্তানৰ মাজত শত্ৰুতা পুনৰ বৃদ্ধি কৰে আৰু ইয়াৰ পিছতেই ভাৰতে পাকিস্তানৰ বালাকোটত এয়াৰ ষ্ট্ৰাইক কৰে ৷ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি উক্ত চাৰ্জশ্বিটখনত আক্ৰমণত পাকিস্তানৰ প্ৰযুক্তিগত, উপাদান আৰু পৰিস্থিতগত সকলো অবদানৰ বিষয়ে বিষদভাৱে প্ৰমাণ দাঙি ধৰা হৈছে ৷

জৈছ-এ-মুহম্মদৰ প্ৰধান মছুদ অজহৰে 2000 চনত হাইজেক কৰা বিমানৰ পৰা 155 গৰাকী যাত্ৰীক মুকলি কৰি দিয়াৰ বিনিময়ত ভাৰতীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতেই জৈছ-এ-মুহম্মদৰ প্ৰতিষ্ঠা কৰিছিল ৷

2019 চনত ব্যক্তিগত সন্ত্ৰাসবাদী ৰূপেৰে চিনাক্ত সন্ত্ৰাসবাদী সকলৰ তালিকাত আজহৰৰ নাম অন্তৰ্ভূক্ত কৰা হৈছিল ৷ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সংশোধনৰ পিছতে চৰকাৰী ব্যক্তিসকলক সন্ত্ৰাসবাদী ঘোষণাৰ অনুমতি প্ৰদানৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰা হয় ৷

তলত NIA চাৰ্জশ্বিতত নাম থকা 19 গৰাকী ব্যক্তিৰ 7 গৰাকী ইতিমধ্যেই সুৰক্ষা বাহিনীৰ এনকাউন্টাৰত নিহত হৈছে ৷ বাকী থকা ব্যক্তিসকল হৈছে

1. মছুদ আজহৰ অলভি, 52 বছৰ, পাকিস্তানী নাগৰিক

2. ৰফ অছগৰ অলভি, 47 বছৰ, পাকিস্তানী নাগৰিক

3. অম্মৰ অলভি, 46 বছৰ, পাকিস্তানী নাগৰিক

4. শ্বাকিৰ বাছিৰ, 28 বছৰ, কাকাপোৰা, পুলৱামা, জম্মু-কশ্মীৰ

5. ইনছা জান, 22 বছৰ, কাকাপোৰা, পুলৱামা, জম্মু-কশ্মীৰ

6. পীৰ তাৰিক আহমেদ শ্বাহ, 53 বছৰ, কাকাপোৰা, পুলৱামা, জম্মু-কশ্মীৰ

7.বৈজ-উল-ইছলাম, 20 বছৰ শ্ৰীনগৰ, জম্মু-কাশ্মীৰ

8. মহম্মদ অব্বাছ ৰাথেৰ, 31 বছৰ, কাকাপোৰা, পুলৱামা, জম্মু-কশ্মীৰ

9. বিলাল আহমেদ কুচ্ছে, 28 বছৰ, হাজিবল, লালহাৰ, পুলৱামা, জম্মু-কাশ্মীৰ

10. মহম্মদ ইকবাল ৰাথেৰ , 25 বছৰ ছাৰাৰ-ই-শ্বৰীফ, বুদগাম, জম্মু-কাশ্মীৰ

11. মহম্মদ ইছমাইল, 25 বছৰ পাকিস্তনী নাগৰিক

12. সমীৰ আহমেদ দৰ, 22 বছৰ, কাকাপোৰা, পুলৱামা, জম্মু-কশ্মীৰ

13. অশক আহমেদ নেংগ্ৰো, 33 বছৰ, ৰাজপুৰা, পুলৱামা

14. আদিল আহমেদ দৰ, 21 বছৰ, কাকাপোৰা, পুলৱামা, জম্মু-কশ্মীৰ(নিহত)

15. মুহম্মদ ওমৰ ফাৰুক, 28 বছৰ, পাকিস্তানী নাগৰিক(নিহত)

16. মহম্মদ কমৰান আলী, 25 বছৰ, পাকিস্তানী নাগৰিক(নিহত)

17. ছাজিদ আহমেদ ভাট, 19 বছৰ, বীজবেহেৰা, অনন্তনাগ(নিহত)

18. মুদাছিৰ আহমেদ খান, 28 বছৰ, অবন্তিপুৰা, পুলৱামা(নিহত)

19.কাৰী য়াছিৰ,পাকিস্তানী নাগৰিক(নিহত)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.