ETV Bharat / bharat

প্ৰকৃত অনামিকা শুক্লালৈ উত্তৰ প্ৰদেশ চৰকাৰক ক্ষমা খোজাৰ দাবী প্ৰিয়ংকা গান্ধীৰ

author img

By

Published : Jun 10, 2020, 3:21 PM IST

কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰকৃত অনামিকা শুক্লাক ক্ষমা খুজিবলৈ দাবী কৰে। কিয়নো ৰাজ্যখনৰ এগৰাকী মহিলাই অনামিকা শুক্লাৰ নাম লৈ ২৫ খন স্কুলত শিক্ষয়িত্ৰী হিচাপে কাম কৰি ১ লাখতকৈও অধিক টকা উপাৰ্জন কৰে ।

প্ৰকৃত অনামিকা শুক্লালৈ উত্তৰ প্ৰদেশ চৰকাৰক ক্ষমা খোজাৰ দাবী প্ৰিয়ংকা গান্ধীৰ
প্ৰকৃত অনামিকা শুক্লালৈ উত্তৰ প্ৰদেশ চৰকাৰক ক্ষমা খোজাৰ দাবী প্ৰিয়ংকা গান্ধীৰ

নেশ্যনেল ডেস্ক, ১০ জুন: প্ৰকৃত অনামিকা শুক্লা নামৰ মহিলা এগৰাকীৰ নামৰ সহায় লৈ উত্তৰ প্ৰদেশত এগৰাকী শিক্ষয়িত্ৰীয়ে ২৫ খন স্কুলৰ পৰা দৰমহা সংগ্ৰহ কৰি ১ লাখতকৈও অধিক টকা উপাৰ্জন কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে ৰাজ্য চৰকাৰক ক্ষমাৰ বাবে দাবী উত্থাপন কৰে । উল্লেখ্য যে,অনামিকা নামৰ মহিলাগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মহিলা ।

সমগ্ৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে মঙলবাৰে অনামিকা শুক্লাই গোণ্ডাৰ বিষয়ববীয়াসকলক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও তেওঁ কয় যে,বহু ঠাইত তেওঁ আবেদন দাখিল কৰিছিল কিন্তু কাউন্সেলিঙত তেওঁ ভাগ ল'ব নোৱাৰিলে ।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে শনিবাৰে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছত মহিলাগৰাকীয়ে নিজকে অনামিকা শুক্লা বুলি কয় আৰু তেওঁ ২৫ খন স্কুলত ইতিমধ্যে শিক্ষয়িত্ৰী হিচাপে কাম কৰা বুলি জানিবলৈ দিয়ে। যোৱা,ফেব্ৰুৱাৰী মাহলৈকে ২৫ খন স্কুলৰ পৰা তেওঁ ১ লাখতকৈও অধিক টকা দৰমহা সংগ্ৰহ কৰা বুলি স্বীকাৰ কৰে মহিলাগৰাকীয়ে ।

  • ..लूट की व्यवस्था ने एक साधारण महिला को अपना शिकार बनाया। ये चौपट राज की हद है।

    अनामिका को न्याय मिलना चाहिए।

    1. उन्हें मानहानि का मुआवजा दिया जाए

    2. उन्हें सरकारी नौकरी दी जाए

    3. पूरे परिवार को तुरंत सुरक्षा व्यवस्था दी जाए।

    2/2

    — Priyanka Gandhi Vadra (@priyankagandhi) June 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মেইনপুৰী নিৱাসী এইগৰাকী অভিযুক্ত মহিলাই কাচগঞ্জৰ ফৰিদপুৰৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে কাম কৰাৰ লগতে একেসময়তে আম্বেদকাৰ নগৰ,বাগপত,আলীগড়,চহাৰনপুৰ আৰু প্ৰয়াগৰাজ জিলাৰ বিভিন্ন স্কুলত শিক্ষকতা কৰিছিল। চৰকাৰে ৰাজ্যখনৰ সকলো শিক্ষকৰ প্ৰফাইল পুনৰীক্ষণ কৰাৰ সময়তে এই ঘটনা পোহৰলৈ আহে ।

লগতে পঢ়ক:ৰমেন তালুকদাৰক নিলম্বন কৰা হোৱা নাই, বদলিহে কৰা হৈছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.