ETV Bharat / bharat

দেশবাসীলৈ সাতটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ! - 3 মে'লৈ দেশত বৃদ্ধি কৰিলে লক ডাউন

পুৱা 10 বজাত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 3 মে' পৰ্যন্ত দেশত বৃদ্ধি কৰিলে লক ডাউনৰ সময়সীমা ৷ প্ৰথম পৰ্যায়ৰ লক ডাউনৰ অন্তত এই ভাষণ ৰাখে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত সাতটা কথা দেশবাসীক মানি চলিবলৈ আহ্বান জনাইছে ৷ জানো আহক, কি এই সাতটা আহ্বান .....

Prime Minister Narendra Modi Tuesday announcement
দেশবাসীক কোন সাতটা কথা পালন কৰিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী মোডীয়ে?
author img

By

Published : Apr 14, 2020, 12:58 PM IST

নিউজ ডেস্ক,14 এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ লক ডাউনৰ অন্তত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ ৷ 3 মে'লৈ দেশত বৃদ্ধি কৰিলে লক ডাউনৰ সময় সীমা ৷ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত সাতটা কথা মানি চলিবলৈ দেশবাসীক আহ্বান জনাইছে ৷ সেইকেইটা হ'লঃ

1. দেশৰ সকলোকে নিজৰ ঘৰৰ বয়োজ্যেষ্ঠজনৰ যতন ল'বলৈ অনুৰোধ জনাইছে ৷ বিশেষকৈ এনেকুৱা ব্যক্তি যাৰ পুৰণা বেমাৰ আছে ,তেওঁলোকৰ বিশেষ যতন ল'বলৈ অনুৰোধ ৷ তেওঁলোকক কৰ'ণা সংক্ৰমণৰ পৰা বচাই ৰখাটো যথেষ্ট জৰুৰী বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

2. লক ডাউন আৰু সামাজিক দূৰত্বৰ লক্ষ্মণ ৰেখা ডাল সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান ৷ তেওঁ কয়, ঘৰতে নিৰ্মাণ কৰা মুখাবৰণ বা মাস্ক পৰিধান কৰক ৷

3. নিজৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা যি নিৰ্দেশ দিয়া হৈছে সেয়া আমি পালন কৰিব লাগে ৷ গৰম পানী ,কাৰ্হা খাব লাগে বুলিও জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

4. তেওঁ কয়, কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে আৰোগ্য সেঁতু ম'বাইল এপ ব্যৱহাৰ কৰক ৷ এপটো নিজে ডাউনল'ড কৰাৰ লগতে আনকো কৰিবৰ বাবে উপদেশ দিয়ক ৷

5. দৰিদ্ৰ পৰিয়ালক সামৰ্থ অনুযায়ী সহায় কৰিবলৈ অনুৰোধ ৷ মোডীয়ে কয়, তেওঁলোকৰ ভোজনৰ আৱশ্যকতাখিনিৰ ওপৰত ধ্যান দিয়াটো সকলোৰে দ্বায়িত্ব ৷

6. নিজৰ ব্যৱসায় আৰু নিজৰ উদ্যোগত একেলগে কাম কৰা মানুহৰ প্ৰতি সমবেদনা ৰাখিবলৈ আহ্বান জনোৱাৰে লগতে কাকো চাকৰিৰ পৰা বৰ্খাস্ত নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ ৷

7.দেশৰ কৰ'ণা যোদ্ধাসকলক, আমাৰ চিকিৎসক, নাৰ্চ, চাফাই কৰ্মী, পুলিচ কৰ্মী এনেধৰণৰ সকলো লোকক আমি সন্মান কৰাটো উচিত ৷ লগতে তেওঁলোকক লৈ আমি গৌৰৱ কৰিব লাগে বুলি জনাই প্ৰধানমন্ত্ৰী মোডীয়ে ৷

Prime Minister Narendra Modi Tuesday announcement
দেশবাসীক সাতটা কথা পালন কৰিবলৈ অনুৰোধ প্ৰধানমন্ত্ৰীৰ

এই সাতটা কথাত দেশৰ নাগৰিকৰ পৰা সঁহাৰি বিচাৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ তেওঁৰ মতে এই সাতোটা কথা মানি চলিলে বিজয় প্ৰাপ্তিত সুবিধা হ'ব ৷লগতে সম্পূৰ্ণ নিষ্ঠাৰে 3 মে'লৈকে লক ডাউনৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান দেশবাসীক ৷ তেওঁ জনাই যে, সকলোৱে পৰামৰ্শ আগবঢ়াইছে যে লক ডাউন বৃদ্ধি কৰা হওক। ইতিমধ্যে কেইবাখনো ৰাজ্যই পূৰ্বেই লক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সকলো পৰামৰ্শলৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত ৩ মে’লৈ লক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাইছে ৷

লগতে তেওঁ জনাই যে , দ্বিতীয় পৰ্যায়ৰ এই লক ডাউনৰ অন্তত আগন্তুক 20 দিনৰ লক ডাউনৰ গতিবিধি লক্ষ্য কৰি অত্যাধিক আক্ৰান্ত হোৱা অঞ্চলৰ (হটস্পট) বাহিৰে আন ঠাইসমূহত কিছু শিথিলতা প্ৰদান কৰিব ৷

লগতে পঢ়কঃ নলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.