ETV Bharat / bharat

অনুচ্ছেদ 370 ৰ অৱসান জম্মু-কাশ্মীৰবাসীৰ বাবে আৰ্শীবাদ : ৰাষ্ট্ৰপতি

author img

By

Published : Jan 29, 2021, 5:55 PM IST

বাজেট অধিবেশনৰ ভাষণত ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদৰ অৱসান ঘটোৱাৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান ৷

Prez lauds Art 370 move, beginning of Ram temple construction
অনুচ্ছেদ 370 ৰ অৱসান জম্মু-কাশ্মীৰবাসীৰ বাবে আৰ্শীবাদ : ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, 29 জানুৱাৰী : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে বাজেট অধিবেশনৰ ভাষণত ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদৰ অৱসান ঘটোৱাৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ লগতে, তেওঁ কয় যে, কিছু বছৰৰ পৰা চৰকাৰে বহুতো কঠিন সমস্যাৰ মাজৰে পাৰ হ'ব লগা হৈছে ৷ অনুচ্ছেদ 370 ধাৰা উঠাই দিয়াৰ সময়ত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল ; কিন্তু বৰ্তমান জম্মু-কাশ্মীৰবাসীয়ে ভাৰতীয় সংবিধানৰ সকলো অধিকাৰ ভোগ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, 2019 চনৰ আগষ্টত সংসদত অনুচ্ছেদ 370 উঠাই দিয়াৰ বিধেয়ক উত্থাপন হৈছিল আৰু দুয়োখন সদনত বিধেয়কখন গৃহীত হোৱাৰ পিচত জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা আঁতৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছিল ৷

আনহাতে, ৰাম মন্দিৰ নিৰ্মাণ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, নিৰ্মীয়মান অৱস্থাত থকা ৰাম মন্দিৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কৰা হৈছে ৷ ইফালে, 2019 চনৰ 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে 2.77 একৰ ভূমি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰ্তৃপক্ষক প্ৰদান কৰিছে ৷ উল্লেখনীয় যে, প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন 5 জনীয়া বিচাৰপীঠে বিতৰ্কিত ৰাম মন্দিৰ গোচৰ নিস্পত্তি কৰিছিল ৷

লগতে পঢ়ক : ৰে'ল বিভাগে বন্ধ কৰিলে চাৰিশ বছৰীয়া ঐতিহাসিক থানৰ প্ৰৱেশ পথ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.