নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : ব্ৰাজিলিয়ান ৰাষ্ট্ৰপতি জেয়াৰ ব'লছোনাৰোৰ সৈতে দেওবাৰে পুৱাৰ ভাগত গণতন্ত্ৰ দিৱসৰ পেৰেডৰ বাবে ৰাজপথত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ৷ উল্লেখ্য যে, 71 সংখ্যক গণতন্ত্ৰৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল ব'লছোনাৰো ৷ 21 জাঁই গুলীৰে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতি কোবিন্দক অভিবাদন জনোৱা হয় আৰু ইয়াৰ পাচতে ৰাষ্ট্ৰপতিগৰাকীয়ে পতাকা উত্তোলন কৰে ৷
ইণ্ডিয়া গেটৰ নৱনিৰ্মিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীক যুদ্ধ স্মাৰকত সম্ভাষণ জনাবলৈ উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দেশৰ প্ৰথম চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, স্থলসেনা প্ৰধান জেনেৰেল নৰাৱনে, নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং আৰু বায়ুসেনা প্ৰধান এয়াৰ মাৰ্শ্বাল আৰ. কে. এছ. ভাদুৰিয়া ৷
উল্লেখ্য যে, দেশৰ 71 সংখ্যক গণতন্ত্ৰ দিৱসত প্ৰথমবাৰৰ বাবে মহিলা CRPF ৰ জোৱানে বাইকেৰে সাহসী ষ্টান্ট প্ৰদৰ্শন কৰে ৷
আৰু পঢ়ক : অসম সম্পৰ্কত কৰা মন্তব্যৰ বাবে প্ৰাক্তন JNU ছাত্ৰৰ বিৰুদ্ধে গোচৰ