ETV Bharat / bharat

'ইউ এছ হাউচত' ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ গৃহীত

author img

By

Published : Dec 19, 2019, 10:58 AM IST

Updated : Dec 19, 2019, 1:13 PM IST

ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে 2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকচক্ষুত তেওঁৰ প্ৰতিদ্বন্দীক হেয় প্ৰতিপন্ন কৰিবৰ বাবে ইউক্ৰেইনৰ পৰা বে' আইনীভাৱে সহায় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ট্ৰাম্পৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপিত হোৱাৰ পূৰ্ৱে দুজন আমেৰিকান ৰাষ্ট্ৰপতিৰ ওপৰত এই মহা অভিযোগ উত্থাপিত হৈছিল ৷

President Donald Trump
ৰাষ্ট্ৰপতি ডনাণ্ড ট্ৰাম্প

নিউজ ডেস্ক, 19 ডিচেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত হোৱা মহা অভিযোগৰ প্ৰস্তাৱ বুধবাৰে 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত গৃহীত হয় ৷ ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকচক্ষুত তেওঁৰ প্ৰতিদ্বন্দীক হেয় প্ৰতিপন্ন কৰিবৰ বাবে ইউক্ৰেইনৰ পৰা বে আইনীভাৱে সহায় লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷

জানিব পৰা মতে, ট্ৰাম্পৰ বিৰুদ্ধে 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত মহাঅভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছে যদিও তেওঁক ক্ষমতাচ্যুত কৰা সহজ নহয় ৷ মহা অভিযোগৰ প্ৰস্তাৱ নিম্ন হাউচত গৃহীত হোৱাৰ পাচত সম্প্ৰতি উচ্চ সদন চিনেটত এই মহাঅভিযোগৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব৷ উল্লেখ্য যে, 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত ড'নাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানৰ বহুমত নাই আৰু 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত ডেম'ক্ৰেটিকৰ নিয়ন্ত্ৰণ আছে ৷ যদি 20 জন ৰিপাব্লিকান সাংসদে তেওঁৰ বিৰুদ্ধে মাত মাতে তেন্তে তেওঁক ক্ষমতাচ্যুত কৰা যাব পাৰে, কিন্তু তেনে হোৱাৰ আশংকা যথেষ্ট কম ৷

ইপিনে, মঙলবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউচৰ অধ্যক্ষ নেন্সি পেলোচী আৰু বিৰোধী দল ডেম'ক্ৰেটিকলৈ এখন চিঠি লিখি তেওঁলোকে আমেৰিকাৰ গণতন্ত্ৰক নষ্ট কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে ৷ ট্ৰাম্পে কয় যে,তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি তেওঁলোকে আমেৰিকান গণতন্ত্ৰৰ ওপৰত মুকলিকৈ যুদ্ধ ঘোষণা কৰিছে ৷ সেয়ে তেওঁ হোৱাইট হাউচৰ অধ্যক্ষ গৰাকীক শীঘ্ৰে এই মহাঅভিযোগ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰিও তেওঁ পত্ৰ খনত অভিযোগ কৰে যে অবৈধ মহাঅভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰি হাউচৰ অধ্যক্ষ গৰাকীয়ে নিজৰ পদৰ বাবে লোৱা শপতৰ উলংঘা কৰিছে ৷

উল্লেখ্য যে,ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপিত হোৱাৰ পূৰ্ৱে দুজন আমেৰিকান ৰাষ্ট্ৰপতিৰ ওপৰত এই মহা অভিযোগ উত্থাপিত হৈছিল ৷ 1863 চনত এণ্ডিউ জনচন আৰু 1998 চনত বিল ক্লিন্টনৰ ওপৰত মহা অভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ অৱশ্যে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে নিজে পদৰ পৰা অপসাৰিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰপতি ৰিচাৰ্দ নিক্সনৰ বিৰুদ্ধেও এই মহাঅভিযোগ উত্থাপিত হৈছিল যদিও মহাঅভিযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্ৱে 1974ত তেওঁ পদত্যাগ কৰে ৷

লগতে পঢ়ক - গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ

President Donald Trump impeached by US House on 2 charges

'ইউএচ হাউচত' ৰাষ্ট্ৰপতি ডনাণ্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাঅভিযোগৰ প্ৰস্তাৱ গৃহীত

ডনাণ্ড ট্ৰাম্পৰ বিৰুদ্ধে 2020 ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকচক্ষুত তেওঁৰ প্ৰতিদ্বন্দীক হেয় প্ৰতিপন্ন কৰিবৰ বাবে ইউক্ৰেইনৰ পৰা বেআইনিভাৱে সহায় লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ট্ৰাম্পৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপিত হোৱাৰ পূৰ্ৱে দুজন আমেৰিকান ৰাষ্ট্ৰপতিৰ ওপৰত এই মহাঅভিযোগ উত্থাপিত হৈছিল ৷

নিউজ ডেস্ক, 19 ডিচেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাণ্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত হোৱা মহাঅভিযোগৰ প্ৰস্তাৱ বুধবাৰে 'হাউছ অফ ৰিপ্ৰেজেনটিটিৱত' গৃহীত হয় ৷ ডনাণ্ড ট্ৰাম্পৰ বিৰুদ্ধে 2020 ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকচক্ষুত তেওঁৰ প্ৰতিদ্বন্দীক হেয় প্ৰতিপন্ন কৰিবৰ বাবে ইউক্ৰেইনৰ পৰা বেআইনিভাৱে সহায় লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷

জানিব পৰা মতে ট্ৰাম্পৰ বিৰুদ্ধে 'হাউছ অফ ৰিপ্ৰেজেনটিটিৱত' মহাঅভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছে যদিও তেওঁক ক্ষমতাচুত কৰা সহজ নহয় ৷ মহাঅভিযোগৰ প্ৰস্তাৱ লৱাৰ হাউচত গৃহীত হোৱাৰ পাচত সম্প্ৰতি উচ্চ সদন চীনেতত এই মহাঅভিযোগৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু চীনেতত তেওঁৰ দলৰ বহুমত আছে ৷ উল্লেখ্য যে 'হাউছ অফ ৰিপ্ৰেজেনটিটিৱত' ডনাণ্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানৰ বহুমত নাই আৰু 'হাউছ অফ ৰিপ্ৰেজেনটিটিৱত' ডেম'ক্ৰেটিক্সৰ নিয়ন্ত্ৰণ আছে ৷ যদি 20 জন ৰিপাব্লিকান সাংসদে তেওঁৰ বিৰুদ্ধে মাত মাতে তেনে তেওঁক ক্ষমতাচুত কৰা যাব পাৰে কিন্তু তেনে হোৱাৰ আশংকাৰ বহুত কম ৷

ইপিনে মঙলবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে হুৱাইট হাউচৰ অধ্যক্ষ নেন্সি পেলোচী আৰু বিৰোধী দল ডেমক্ৰেটক্সলৈ এখন চিঠি লিখি তেওঁলোকে আমেৰিকাৰ গণতন্ত্ৰক নষ্ট কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে৷ ট্ৰাম্পে কয় যে তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি তেওঁলোকে আমেৰিকান গণতন্ত্ৰৰ ওপৰত মুকলিকৈ যুদ্ধ ঘোষণা কৰিছে ৷ সেয়ে তেওঁ হুৱাইট হাউচৰ অধ্যক্ষ গৰাকীক শীঘ্ৰে এই মহাঅভিযোগ প্ৰক্ৰিয়া স্থগিত কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰিও তেওঁ পত্ৰ খনত অভিযোগ কৰে যে অবৈধ মহাঅভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰি হাউচৰ অধ্যক্ষ গৰাকীয়ে নিজৰ পদৰ বাবে লোৱা শপতৰ উলংঘা কৰিছে ৷

উল্লেখ্য যে ডনাণ্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপিত হোৱাৰ পূৰ্ৱে দুজন আমেৰিকান ৰাষ্ট্ৰপতিৰ ওপৰত এই মহাঅভিযোগ উত্থাপিত হৈছিল ৷ 1863 চনত এণ্ডিউ জনচন আৰু 1998 চনত বিল ক্লিন্টনৰ ওপৰত মহাঅভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ অৱশ্যে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে নিজকে ক্ষমতাচুত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰপতি ৰিচাৰ্দ নিক্সনৰ বিৰুদ্ধেও এই মহাঅভিযোগ উত্থাপিত হৈছিল যদিও মহাঅভিযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্ৱে 1974ত তেওঁ পদত্যাগ কৰে ৷ 
Last Updated : Dec 19, 2019, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.