নিউজ ডেস্ক, 16 মাৰ্চ: শনিবাৰে পদ্ম সন্মানৰে বিভূষিত কৰা হয় কলা ক্ষেত্ৰৰ বিশিষ্ঠ লোকসকলক ৷ অভিনেতা মনোজ বাজপেয়ী, বিশিষ্ঠ তাবলা বাদক স্বপন চৌধুৰী, লোক গীত গায়ীকা তীজন বাইকে ধৰি কেইবাগৰাকী বিশিষ্ঠ লোকক এই সন্মানৰে বিভূষিত কৰা হয়৷
এই বছৰ 112 গৰাকী লোকক এই সন্মানৰে সন্মানিত কৰা হয় ৷ 11 মাৰ্চত 56 গৰাকীক এই সন্মান প্ৰদান কৰা হয় আৰু বাকী 56 গৰাকীক শনিবাৰে এই সন্মান প্ৰদান কৰা হয় ৷
দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্ম বিভূষন প্ৰদান কৰা হয় লোক গীত গায়ীকা তীজন বাইক, অভিনেতা মনোজ বাজপেয়ী, বিশিষ্ঠ তাবলা বাদক স্বপন চৌধুৰীক পদ্মশ্ৰী সন্মানৰে সন্মানিত কৰা হয় ৷ অভিনেতা মনোজ বাজপেয়ীক আলিগড়, জুবেইদা, গেংচ অৱ ৱাচেপুৰ, আইয়াৰী আদি ছবিৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷
এই বছৰ চাৰি গৰাকীলৈ পদ্ম বিভূষন, চৈধ্য গৰাকীলৈ পদ্ম ভূষন আৰু 94 গৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয় ৷
গনৰাজ্য দিৱসৰ দিনা ঘোষণা কৰা এই সন্মানত এইবাৰ 21 গৰাকী মহিলা আৰু 11 গৰাকী বিদেশী, এন আৰ আই, পি আই অ, অ চি আই আৰু এগৰাকী তৃতিয় লিংগৰ লোকক অন্তৰ্ভূক্ত কৰা হৈছিল ৷
পদ্ম সন্মানৰ বাবে এই বছৰ চৰকাৰলৈ 50,000 আৱেদন পথোৱা হৈছিল বুলি এক চৰকাৰী সুত্ৰে জানিবলৈ দিয়ে ৷