ETV Bharat / bharat

স্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু ! - বনকৰ্মী

ক্ৰমাৎ নিৰ্দয় হৈ পৰিছে মানৱ সমাজ ৷ ভিন্ন সময়ত মানুহে বধিৰ জীৱক নৃশংসভাৱে হত্যা কৰা বা অত্যাচাৰ চলোৱাৰ ঘটনা আমি পাই আহিছোঁ ৷ কেৰালাত সংঘটিত হৈছে তেনে এক ঘটনা ৷ মানুহে আগবঢ়োৱা বিস্ফোৰক যুক্ত ফল খায় মৃত্যুক আঁকোৱালি ল'লে এজনী গাভিনী হাতীয়ে ৷

Pregnant wild elephant
Pregnant wild elephant
author img

By

Published : Jun 3, 2020, 5:48 AM IST

নিউজ ডেস্ক, 3 জুন : কেৰালাৰ চাইলেন্ট ভেলী বনাঞ্চলত সংঘটিত হৈছে এটা নৃশংস ঘটনা ৷ আনাৰসৰ ভিতৰত শক্তিশালী ফটাকা বোমা ভৰাই খাবলৈ দিয়া হ'ল এজনী গাভিনী হাতীক ৷ স্থানীয় একাংশ লোকে সংঘটিত কৰিছে এই ঘটনা ৷

জানিব পৰা মতে, নিৰ্দয়ভাৱে আনাৰসৰ ভিতৰত ফটাকা আৰু বোমা ভৰাই খাবলৈ দিয়া হৈছিল হাতীজনীক ৷ মোহন কৃষ্ণ নামৰ বনকৰ্মীজনে ফেচবুকযোগে বৰ্ণনা দিয়াৰ পাচতেই এই ঘটনা পোহৰলৈ আহে ৷

যেতিয়া হাতীজনীয়ে বোমা ভৰাই থোৱা ফল খাইছিল, সেইসমূহ বিস্ফোৰণ ঘটি হাতীজনীৰ মুখৰ ভিতৰভাগ সম্পূৰ্ণৰূপে জ্বলি যায় ৷ তেতিয়া হাতীজনীয়ে নিশ্চয় পেটত থকা সন্তানটোৰ কথা ভাবিছিল বুলি কয় মোহন কৃষ্ণই ৷

Pregnant wild elephant
এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !

বনকৰ্মীগৰাকীৰ মতে খাদ্যৰ সন্ধানত গাঁওখনত বিচৰণ কৰা হাতীজনীয়ে কাৰোৰে অনিষ্ট কৰা নাছিল ৷ মুখৰ ভিতৰত ফটাকা বিস্ফোৰণ ঘটনাৰ পাচত হাতজনী ভেলিয়াৰ নদীলৈ নামি যায় ৷ শুৰ আৰু মুখখন পানীত ডুৱাই হাতীজনীয়ে কিছু উপশম আৰু প্ৰতিকাৰৰ বাবে অপেক্ষা কৰিছিল ৷

মোহন কৃষ্ণৰ মতে হাতীজনীয়ে জানিছিল যে, এই নদীতেই তাইৰ মৃত্যু হ'ব৷ কিয়নো বিস্ফোৰক যুক্ত আনাৰস খোৱাৰ বাবে তাইৰ মুখমণ্ডল সম্পূৰ্ণৰূপে জ্বলি গৈছিল ৷ সেয়ে নদীৰ বুকুত থিয়ৈ থিয়ৈ জলসমাধি গ্ৰহণ কৰিলে হাতীজনীয়ে ৷

যোৱা 27 মে' তাৰিখে এই ঘটনা সংঘটিত হৈছিল ৷ পৰৱৰ্তী সময়ত মৃত অৱস্থাত হাতীজনী বনাঞ্চললৈ আনি শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : দেৱাশীষ হত্যাকাণ্ডঃ গাভৰু বাগিছাৰ পৰিচালকক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.