আমাৰ দেশৰ সংবিধানৰ প্ৰথম সূচীয়ে ভাৰতবৰ্ষ যে ৰাজ্যসমূহৰ সমষ্টি হিচাপে আগবাঢ়িব সেই কথা ঘোষণা কৰিছে । সংবিধান প্ৰণেতাসকলে ভাবিছিল যে সুসংগঠিত গণতান্ত্ৰিক ফেডাৰেশ্যনত সংসদীয় গণতন্ত্ৰৰ বিকাশ ঘটিব। কিন্তু আজিৰ বাস্তৱ সত্যটো ভিন্ন । দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে “ময়েই চৰকাৰ” বুলি কৰা দাম্ভিক মন্তব্যত সকলোৱে আচৰিত হৈছে । শেহতীয়াকৈ পশ্চিমবংগ আৰু কেৰালাৰ ৰাজ্যপালক লৈ হোৱা বিতৰ্কই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থালৈ সংকট নমাই অনাৰ কথাই বহন কৰে। কেৰালাৰ প্ৰথম নাগৰিক আৰিফ মহম্মদ খানে কেন্দ্ৰই প্ৰণয়ন কৰা আইনক সমৰ্থন কৰাটো তেওঁৰ দায়িত্ব বুলি কৰা মন্তব্য আশ্চৰ্যকৰ। তেওঁ কয় যে তেওঁ ৰবৰ ষ্টাম্প নহয়। এল ডি এফ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱা সন্দৰ্ভত ৰাজ্য চৰকাৰক এক প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ দিয়া নিৰ্দেশ কেৰালাৰ উত্তপ্ত ৰাজনীতিৰ প্ৰমাণ । আনহাতে,পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধানখাৰ বিতৰ্ক আৰু তীব্ৰ সমালোচনাৰ কেন্দ্ৰ হৈ পৰিছে । মমতা বেনাৰ্জীৰ সিদ্ধান্তক মুকলিভাৱে সমালোচনা কৰা ৰাজ্যপালগৰাকীয়ে যাদৱপুৰ বিশ্ববিদ্যালয়ত “বিজেপি কৰ্মী ধানখাৰ গ’ বেক্” শ্ল'গানৰ সন্মুখীন হৈছিল। ৰাজ্যপালসকলৰ সাংবিধানক দায়িত্ববোৰৰ বাদে বাকী দায়বদ্ধতাসমূহ সীমিত। যেতিয়া সাংবিধানিক সংকট ঘটে তেতিয়াহে ৰাজ্যপাল আগবাঢ়ি আহে আৰু তেওঁৰ নিৰ্দিষ্ট দায়িত্ব পালন কৰে । কেৰালা আৰু পশ্চিমবংগত ৰাজ্যপাল দুগৰাকী বিতৰ্কৰ কাৰণ হৈ পৰাটোৱেই তেওঁলোকৰ পৰিসীমা অতিক্ৰম কৰাটোৱে সূচায় । এই দুখন ৰাজ্যত অইনে বিজেপি দলসমূহৰ সমূহীয়া সঁহাৰিক গণতন্ত্ৰপ্ৰেমীসকলৰ প্ৰতিফলন বুলি ক’ব পাৰি ।
“ৰাজনৈতিক নেতাসকলে ব্যক্তিগত লাভৰ বাবে অধিক ক্ষমতা বিচাৰে । কিন্তু আন ক্ষেত্ৰৰ শিক্ষাবিদ বা বিশেষজ্ঞসকলে সম্পূৰ্ণৰূপে চৰকাৰক সহযোগিতা আগবঢ়ায়” ৰাজভৱনত যিসকল ব্যক্তিক নিয়োগ কৰিব তেওঁলোক সন্দৰ্ভত সংবিধান সভাত নেহৰুৰ মন্তব্য তথা বিশ্লেষণ এয়া। কিন্তু এনে আদৰ্শৰ বিপৰীতে কেন্দ্ৰত দীৰ্ঘদিন শাসন কৰা কংগ্ৰেছৰ দিনত একোখন ৰাজ্যৰ প্ৰথম নাগৰিক হিচাপে গণ্য কৰা ৰাজ্যপালসকলৰ মান অৱনমিত হয় আৰু নীতিহীন ৰাজনীতিৰ আশ্ৰয় লয় । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিহাৰ বিধানসভা ভংগত বুটা সিঙৰ ভূমিকাৰ লগতে কেন্দ্ৰীয় কেবিনেটক তীব্ৰ সমালোচনা কৰিছিল ।নিশ্চয় এনে কিছুসংখ্যক ব্যক্তি আছিল যিয়ে ৰাজ্যপাল পদবীটোৰ প্ৰতি সন্মান আদায় কৰিবলৈ সক্ষম হৈছিল । উদাহৰণস্বৰূপে—জাকিৰ হুছেইন, সৰোজিনী নাইডু, সুৰৰ্জিৎ সিং বৰ্ণালা। এওঁলোকৰ সংখ্যাৰ লগত তুলনা কৰিলে বিতৰ্কিত ৰাজনৈতিক নেতা যেনে ৰাম লাল,শিবস্তি ৰাজী, ভাণ্ডাৰী আদিৰ সংখ্যা বহুত বেছি । ইউ পি এয়ে ৰাজ্যপালৰ ৰূপত কেন্দ্ৰীয় মন্ত্ৰী নিযুক্তি আৰু মন্ত্ৰীসকলক ৰাজ্যপালৰ ভূমিকা ল’বলৈ বাধ্য কৰোৱা কলাত সিদ্ধহস্ত হৈ উঠিছিল। আনকি এন ডি এয়েও ৰাজভৱনৰ জৰিয়তে অনা বিজেপি চৰকাৰবোৰক সংকটত পেলোৱাত প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে । কেৰালা আৰু পশ্চিমবংগৰ ৰাজনৈতিক বিতৰ্কই জ্বলন্ত উদাহৰণ । কেৰালাত স্থানীয় নগৰ সমিতিসমূহৰ সদস্য সংখ্যা বৃদ্ধিৰ অধ্যাদেশখন প্ৰত্যাহাৰ কৰা ৰাজ্যপাল আৰিফ খানে এতিয়া নাগৰিকত্ব সংশোধনী আইনক লৈ কেৰালা চৰকাৰক সমালোচনা কৰি আছে (ৰাজ্যপালৰ সৈতে আলোচনা নকৰাকৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত)। একেদৰে বিভিন্ন প্ৰশ্নৰে ৰাজ্যপাল জগদ্বীপ ধানখাৰে পশ্চিমিবংগ চৰকাৰৰ ধৈৰ্য পৰীক্ষা লৈ আছে । ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা অৱনমিত নকৰাকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পৰ্ক ৰক্ষা কৰা ৰাজ্যপাল এগৰাকীয়ে এনেদৰে কাম কৰেনে?
ৰাজভৱনক ৰাজনীতকৰণ তথা গৌৰৱোজ্জল অনুষ্ঠানটোক অৱনমিত কৰাৰ বাবে সকলো দলকে সমানভাৱে দোষাৰোপ কৰিব লাগিব । উত্তৰ প্ৰদেশৰ ৰমেশ ভাণ্ডাৰী বিজেপি চৰকাৰক গাদীচ্যুত কৰিবলৈ অত্যন্ত আগ্ৰহী আছিল । একেদৰে বিহাৰত বিজেপিৰ বিৰোধী লালুৰ চৰকাৰক ওফৰাবলৈ সুন্দৰ সিং ভাণ্ডাৰীয়ে সকলো নীতি পাহৰি পেলাইছিল । জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হিচাপে সত্যপাল মালিকে যে জম্মু-কাশ্মীৰ বিধানসভা ভংগ কৰি বিজেপি বিৰোধী পি ডি এফ,নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছক একত্ৰিত কৰাত ভূমিকা গ্ৰহণ কৰিছিল সেয়া সৰ্বজন জ্ঞাত । ১৯৯৪ চনত ঐতিহাসিক ৰায় প্ৰদান কৰি (এছ আৰ বোমানী বনাম ভাৰত চৰকাৰ) উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ অচলাৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰাৰ লগতে কৈছিল যে ৰাজ্যপালে দলীয় দায়বদ্ধতাৰ ওপৰত গৈ তেওঁৰ দায়িত্ব নিৰপেক্ষভাৱে পালন কৰিব লাগে। এই ৰায়ত সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ আৰু অন্যান্য বিষয়সমূহো বিশদভাৱে আলোচনা কৰা হয় । ইয়াৰ পূৰ্বে চাৰকাৰিয়া আয়োগে ৰাজ্যপালৰ কাৰ্যাৱলীক লৈ বিস্তৃতভাৱে পৰামৰ্শ আগবঢ়াইছিল। এই আয়োগৰ মতে দলীয় আনুগত্য অনুসৰি পক্ষপাতিত্বমূলকভাৱে ৰাজ্যপালসকলে কাম কৰাৰ বাবে ৰাজনৈতিক সংঘাতৰ সৃষ্টি হয়। কিন্তু আয়োগৰ পৰামৰ্শসমূহ ধোঁৱাচাঙত থোৱা হয়। তেনে অৱজ্ঞাসূচক মানসিকতাৰ বাবে দেশৰ সংবিধানৰ ভেটিত আজি কঁপনি অনুভূত হৈছে। নবছৰ পূৰ্বে চতুদৰ্শ মুখ্য ভিজিলেন্স আয়ুক্ত হিচাপে পি জে থমাছৰ নিযুক্তিত বাধা আৰোপ কৰি উচ্চতম ন্যায়ালয়ে পদটোৰ বাবে নৈতিক যোগ্যতা থকা লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল ।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সম্পৰ্ক ৰক্ষাকাৰী হিচাপে সৰ্বসন্মতিক্ৰমে সকলো নীতি বিশ্লেষণ কৰা সঠিক ব্যক্তি এগৰাকীক ৰাজ্যপাল হিচাপে নিযুক্তি দিলেহে ৰাজভৱনক লৈ সৃষ্টি হোৱা এই সমস্যা দূৰ হ'ব ।
লগতে চাওকঃ পৰেশ বৰুৱাক হিংসা বৰ্জন কৰি আলোচনাৰ মেজলৈ অহাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ
: