ETV Bharat / bharat

IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন জনাব প্ৰধানমন্ত্ৰী মোডীয়ে

author img

By

Published : Sep 4, 2020, 7:56 AM IST

Updated : Sep 4, 2020, 8:12 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ পাছিং আউট পেৰেডত সম্বোধন কৰিব ৷ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ছৰ্দাৰ বল্লৱভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিষ্ঠান প্ৰাংগনত ৷

PM to virtually address IPS probationers today
IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন জনাব প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ পাছিং আউট পেৰেডত সম্বোধন কৰিব ৷ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ছৰ্দাৰ বল্লৱভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিষ্ঠান প্ৰাংগনত ৷

উল্লেখ্য যে, প্ৰতিষ্ঠানৰ পৰা 2018 বেটছৰ 131 গৰাকী IPS প্ৰশিক্ষাৰ্থী বিষয়াই সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰিছে ৷ এই বেটছত আছে 28 গৰাকীকৈ মহিলা প্ৰশিক্ষাৰ্থী ৷

প্ৰতিষ্ঠানৰ সঞ্চালক অতুল কাৰৱালে মন্তব্য কৰে যে, প্ৰধানমন্ত্ৰী মোডীয়ে নতুন দিল্লীৰ পৰা 'দীক্ষান্ত পেৰেড'ৰ পাচতে যুৱ বিষয়াসকলক সম্বোধন জনাব ৷ ইয়াৰ জৰিয়তে তেওঁলোকৰ দুবছৰীয়া প্ৰশিক্ষণৰ অন্ত পৰিব ৷

বেটছটোৰ শ্ৰেষ্ঠ অল-ৰাউণ্ড প্ৰশিক্ষাৰ্থী ডি. ভি. শ্ৰুতিয়ে পেৰেডৰ কমাণ্ড দিব ৷ উল্লেখ্য যে, প্ৰশিক্ষাৰ্থীসকলৰ 58 শতাংশই অভিযন্তা হোৱাৰ বিপৰীতে 10 শতাংশ আছিল বিজ্ঞান শাখাৰ পৰা উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী ৷ আনহাতে, 23 শতাংশই কলা আৰু বাণিজ্য শাখাত অধ্যয়ন কৰিছিল ৷ বেটছটোত আছে চাৰিগৰাকীকৈ চিকিৎসকো ৷

ইয়াৰে 15 গৰাকীকৈ প্ৰশিক্ষাৰ্থী উত্তৰ প্ৰদেশৰ হোৱাৰ বিপৰীতে 11 গৰাকী তেলেংগানাৰ বুলি জানিব পৰা গৈছে ৷

অতুল কাৰৱালে জানিবলৈ দিয়া অনুসৰি, বেটছটোৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ সময়তে ক'ভিড-19 মহামাৰীৰ জটিল পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে সেই সম্পৰ্কেও তেওঁলোকে লাভ কৰিলে অভিজ্ঞতা ৷

উল্লেখ্য যে, ক'ভিড-19 মহামাৰীৰ বাবে দীক্ষান্ত পেৰেড আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা নহ'ব ৷ অৱশ্যে দূৰদৰ্শনৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ পৰিয়াল আৰু অন্যান্য লোকে পেৰেড উপভোগ কৰিব পাৰিব ৷

লগতে পঢ়ক : ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

Last Updated : Sep 4, 2020, 8:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.