নতুন দিল্লী,30 মাৰ্চঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীয়ে সোমবাৰে টুইটাৰত আপলড কৰে যোগাসন কৰি থকা 3 ডি এনিমেচনৰ ভিডিঅ' ।
মন কী বাট অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীক কোনোৱে সৱল আৰু সুস্থ থকাৰ মন্ত্ৰ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত মোডীয়ে উক্ত ভিডিঅ'টো শ্বেয়াৰ কৰে বুলি টুইটত উল্লেখ কৰে ।
দেওবাৰে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাটৰ এক প্ৰশ্নৰ প্ৰশ্নৰ প্ৰসংগত মোডীয়ে লকডাউনৰ সময়চোৱাত শৰীৰ সুস্থ ৰাখিবলৈ যোগাসনৰ ভিডিঅ' অপলোড কৰাৰ কথা উল্লেখ কৰিছিল ।
-
The Yoga videos are available in different languages. Do have a look. Happy Yoga practicing.... https://t.co/QAJM0UooRm
— Narendra Modi (@narendramodi) March 30, 2020 " class="align-text-top noRightClick twitterSection" data="
">The Yoga videos are available in different languages. Do have a look. Happy Yoga practicing.... https://t.co/QAJM0UooRm
— Narendra Modi (@narendramodi) March 30, 2020The Yoga videos are available in different languages. Do have a look. Happy Yoga practicing.... https://t.co/QAJM0UooRm
— Narendra Modi (@narendramodi) March 30, 2020
মোডীয়ে ভিডিঅ'টো প্ৰকাশ কৰি লিখে যে, "আপুনিও যোগাসন দৈনিক কৰে বুলি আশা কৰিছো ।"
"মোদীৰ সৈতে যোগ" বুলি প্ৰকাশ কৰা ভিডিঅ'টোত তেওঁ এইবুলিও লিখে যে, "মনত ৰাখিব যে মই কোনো ফিটনেছ এক্সপাৰ্ট নহয়, অথবা মই যোগৰ প্ৰশিক্ষকো নহয়, মই মাথো যোগৰ অভ্য়াসকাৰীহে ।"
উল্লেখ্য যে, বিগত বৰ্ষৰ জুন মাহৰ আন্ত:ৰাষ্ট্ৰীয় যোগদিৱসৰ দিনাও মোডীয়ে একেধৰণৰ যোগাসনৰ ভিডিঅ' এটা পোষ্ট কৰিছিল ।