ETV Bharat / bharat

জন্মু-কাশ্মীৰৰ হান্দৱাৰাত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জন্মু-কাশ্মীৰৰ হান্দৱাৰাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে শ্বহীদ সেনাসকলৰ বীৰত্ব তথা ত্যাগৰ কথা কেতিয়াও পাহৰা নহ'ব বুলি মন্তব্য কৰে মোডীয়ে ।

নৰেন্দ্ৰ মোডী
জন্মু-কাশ্মীৰৰ হান্দৱাৰাত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : May 3, 2020, 8:14 PM IST

নিউজ ডেস্ক, ৩ মে': জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা সেনা জোৱানৰ বীৰত্ব তথা ত্যাগৰ কথা কেতিয়াও পাহৰা নহ'ব বুলি দেওবাৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

দেওবাৰে মোডীয়ে টুইটযোগে কয় যে, "হান্দৱাৰাত শ্বহীদ হোৱা আমাৰ বীৰ সাহসী সৈনিক আৰু সুৰক্ষাকৰ্মী সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । তেখেতসকলৰ বীৰত্ব আৰু বলিদান কেতিয়াও পাহৰিব নোৱাৰা । তেখেতসকলে অত্যন্ত নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিছে আৰু জাতিৰ প্ৰতি সেৱা আগবঢ়াইছে । তেখেতসকলে দেশৰ জনসাধৰণৰ ৰক্ষাৰ কাৰণে অক্লান্ত পৰিশ্ৰম কৰিছে । শ্বহীদ সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।"

নৰেন্দ্ৰ মোডী
জন্মু-কাশ্মীৰৰ হান্দৱাৰাত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

আনহাতে, আৰক্ষী মহানিৰ্দেশক দিলৱাগ সিঙে কয় যে, সেনাৰ এগৰাকী কৰ্ণেল আৰু এগৰাকী মেজৰ উত্তৰ কাশ্মীৰৰ হান্দৱাৰাৰ এখন গাঁৱত নিৰাপত্তা দি থকা সময়তে পাঁচজন সুৰক্ষাকৰ্মীসহিতে শ্বহীদ হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.