ETV Bharat / bharat

100 সংখ্যক মৃত্যু তিথি উপলক্ষে তিলকলৈ প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি - মন কী বাত

100 সংখ্যক মৃত্যু তিথি উপলক্ষে লোকমান্য বাল গংগাধৰ তিলকলৈ প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তিলকৰ বুদ্ধি,সাহস আৰু 'স্বৰাজ'ৰ ধাৰণাই সকলোকে প্ৰেৰণা দিয়ে বুলি মন্তব্য কৰে মোডীয়ে ৷

লোকমান্য বাল গংগাধৰ তিলক
100 সংখ্যক মৃত্যু তিথি উপলক্ষে তিলকলৈ প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Aug 1, 2020, 2:53 PM IST

নেশ্যনেল ডেস্ক, 1 আগষ্ট : ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অন্যতম সেনানী লোকমান্য বাল গংগাধৰ তিলকৰ 100 সংখ্যক মৃত্যু তিথি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মোডীয়ে কয় যে,তেওঁৰ বুদ্ধি,সাহস আৰু 'স্বৰাজ'ৰ ধাৰণাই সকলোকে প্ৰেৰণা দিয়ে ৷

  • India bows to Lokmanya Tilak on his 100th Punya Tithi.

    His intellect, courage, sense of justice and idea of Swaraj continue to inspire.

    Here are some facets of Lokmanya Tilak’s life... pic.twitter.com/9RzKkKxkpP

    — Narendra Modi (@narendramodi) August 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ব্ৰিটিছ শাসনৰ সময়ত জনসাধাৰণক একত্ৰিত কৰিবৰ বাবে তিলকৰ প্ৰচেষ্টাক 'মন কী বাত'ৰ এক অনুষ্ঠানত মোডীয়ে উল্লেখ কৰাৰ কথা জানিবলৈ দিয়ে এটি ভিডিঅ'ত৷

মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "100 সংখ্যক পূণ্য তিথি উপলক্ষে লোকমান্য তিলকৰ সন্মুখত ভাৰতে মূৰ দোৱাইছে ৷ তেওঁৰ বুদ্ধি,সাহস,ন্যায়ৰ চেতনা আৰু স্বৰাজৰ ধাৰণাই সকলোকে প্ৰেৰিত কৰি থাকিব ৷"

কিদৰে তিলকে সকলোৰে মাজত আত্মবিশ্বাসৰ লগতে 'স্বৰাজ আমাৰ জন্মগত অধিকাৰ' বুলি শ্ল'গান দিছিল সেয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে সোঁৱৰে ৷ আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ICCR ৰ দ্বাৰা আয়োজন কৰা 'লোকমান্য তিলক : স্বৰাজ টু আত্মনিৰ্ভৰ ভাৰত' নামৰ এখন ৱেব ছেমিনাৰত অংশগ্ৰহণ কৰে ৷

বাল গংগাধৰ তিলকৰ বিখ্যাত উক্তি 'স্বৰাজ আমাৰ জন্মগত অধিকাৰ' এ ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত ভৱিষ্যতে বিশেষ বিপ্লৱৰ সূচনা কৰিছিল ৷ 1884 চনৰ ডেক্কান শিক্ষা সমাজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল তিলক ৷ গণতন্ত্ৰ আৰু উদাৰতাবাদৰ ধাৰণাৰ প্ৰচাৰত তেওঁ শিক্ষাক অন্যতম শক্তি হিচাপে গণ্য কৰিছিল ৷

লগতে পঢ়ক : শ্বাসৰুদ্ধকৰ উশাহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.