নিউজ ডেস্ক,31 অক্টোবৰঃ বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ 144 সংখ্যক জন্মজয়ন্তী ৷ প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি গুজৰাটৰ কাৱাড়িয়াস্থিত "Statue Of Unity"ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ 2014 চনৰ পৰাই আজিৰ দিনটো কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছে ৷
লৌহ মানৱ গৰাকীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি গুজাৰাটৰ গান্ধীনগৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ দৌৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে " মন কী বাত " শীৰ্ষক কাৰ্যসূচীত দেশৰ প্ৰত্যেকজন নাগৰিকক একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ৷