ETV Bharat / bharat

25 ডিচেম্বৰত কৃষকৰ সৈতে মোডীৰ বাৰ্তালাপ

author img

By

Published : Dec 20, 2020, 10:37 AM IST

উত্তৰ প্ৰদেশৰ 2500 ৰো অধিক ঠাইত কৃষক সম্বাদ আয়োজন কৰাৰ বাবে সাজু হৈছে বিজেপি ৷ 25 ডিচেম্বৰত কৃষকৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে বিজেপিৰ এই আয়োজন ৷

PM Modi to interact with farmers
25 ডিচেম্বৰত কৃষকৰ সৈতে মোডীৰ বাৰ্তালাপ

নেচনেল ডেস্ক,20 ডিচেম্বৰ: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ সৈতে বাৰ্তালাপ কৰিব ৷ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা জানিবলৈ দিয়া মতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ 2500 ৰো অধিক ঠাইত কৃষক সম্বাদ অনুষ্ঠিত কৰিব ৷

এক বিবৃতিযোগে শনিবাৰে বিজেপিয়ে জনাই যে এই উপলক্ষে ভাৰতীয় জনতা দলে (বিজেপি) ইতিমধ্যে তৰিৎ গতিত প্ৰস্তুতি আৰম্ভ কৰিছে ৷ উত্তৰ প্ৰদেশৰ বিজেপিৰ মুৰব্বী স্বতন্ত্ৰ দেৱ সিঙ আৰু দলৰ নেতা ৰাধা মোহন সিঙে এই উপলক্ষে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মকৰ্তা সকলৰ সৈতে এক ভাৰ্চুৱেল সভা অনুষ্ঠিত কৰে ৷

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ দুখীয়া কৃষক ৰাইজৰ উন্নয়ন তথা বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰি ৰাধা মোহন সিঙে কয় যে, "কৃষকৰ কল্যাণৰ হকে মোডী চৰকাৰে কৰা কামসমূহ যদি পূৰ্বতেই কৰা হেতেন কৃষকৰ অৱস্থা আৰু অধিক উন্নত হ'ল হেতেন ৷ তেওঁ নতুন কৃষি আইনক লৈ বিৰোধীয়ে মিছা কথা বিয়পোৱা বুলিও এক অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু টেলিমেডিচিনৰ বাবে আঁচনি আৰম্ভ কৰিব মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.