ETV Bharat / bharat

ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰি 36 গৰাকী শিক্ষাৰ্থীৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ - ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ

শনিবাৰে ৰাজঘাটৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ জাতিৰ পিতা মহাত্মা গান্ধীক সমৰ্পিত কৰি উদ্ধোধন কৰিব এই স্বচ্ছতা কেন্দ্ৰ ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ 36 গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

নৰেন্দ্ৰ মোডী
ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্ধোধন কৰি 36 গৰাকী শিক্ষাৰ্থীৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : Aug 8, 2020, 10:26 AM IST

নিউজ ডেস্ক, 8 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে উদ্ধোধন কৰিব ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ ৷ জাতিৰ পিতা মহাত্মা গান্ধীক সমৰ্পিত কৰি উদ্ধোধন কৰিব এই স্বচ্ছতা কেন্দ্ৰ ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ পূৰ্বে 2017 চনৰ 10 এপ্ৰিলত মহা মানৱ মহাত্মা গান্ধীৰ চম্পাৰণ সত্যাগ্ৰহৰ 100 বছৰীয়া বৰ্ষপূতি অনুষ্ঠান উপলক্ষে আয়োজন কৰে এই অনুষ্ঠানৰ ৷ এইটো স্বচ্ছ ভাৰত অভিযানৰ ইণ্টাৰেক্টিভ চেণ্টাৰ হ'ব বুলিও সদৰি কৰে এক বিশেষ সূত্ৰই ৷

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাজঘাটৰ সমীপৱৰ্তী আৰএছকে পৰিদৰ্শন কৰা পাচতে মোডীয়ে শাৰীৰিক দূৰত্ব বজাই ৰাখি তথা মহামাৰী কৰ'ণাৰ সকলো নীতি-নিয়ম পালন কৰি আৰএছকে সভাগাৰত দেশৰ প্ৰত্যকখন ৰাজ্য তথা কেন্দ্ৰীয় শাষিত অঞ্চলৰ 36 গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব ৷ এই অনুষ্ঠানতে দেশৰ ভৱিষ্যৎ প্ৰতিনিধিক স্বচ্ছ ভাৰত অভিযানৰ সফল যাত্ৰা সন্দৰ্ভত বিৱৰণ দাঙি ধৰিব ৷ কাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলক স্বচ্ছতা আৰু পৰিৱেশ সচেতনৰ ওপৰত শিক্ষা প্ৰদান কৰিব বুলিও উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.