নেশ্যনেল ডেস্ক, 15 মাৰ্চ : কৰ'ণাভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে যুটীয়া ৰণনীতি তৈয়াৰ কৰাৰ উদ্দেশ্যে ছাৰ্কৰ সদস্য দেশসমূহৰ সৈতে ভিডিঅ' কনফাৰেন্স কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই কনফাৰেন্সিঙত মোডীৰ সৈতে অংশগ্ৰহণ কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছা, মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম চোলিহ, নেপালৰ প্ৰধানমন্ত্ৰী কে. পি. শৰ্মা অলি, ভূটানৰ মুৰব্বী লোটায় শ্বেৰিং, বাংলাদেশৰ প্ৰধানমন্ত্ৰী ছেইখ হাছিনা, আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সহায়ক জাফৰ মিৰ্জা ৷
উল্লেখ্য যে, সমগ্ৰ বিশ্বতে বৰ্তমানলৈকে কৰ'ণাভাইৰাছৰ ফলত 5,000 তকৈ অধিক লোকৰ মৃত্যু হৈছে ৷
ভিডিঅ' কনফাৰেন্সিঙত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, দক্ষিণ এছিয়াৰ দেশসমূহত বৰ্তমানলৈকে 150 তকৈও কম ঘটনা পোহৰলৈ আহিছে যদিও আমি সতৰ্ক হৈ থকা উচিত ৷ তেওঁ কয়, "কৰ'ণাৰ বিৰুদ্ধে যুঁজিবৰ বাবে 'সাজু হৈ থাকক কিন্তু চিন্তিত নহ'ব' হৈছে ভাৰতৰ মন্ত্ৰ৷"
মোডীয়ে কয়, "আমি জানুৱাৰীৰ মাজভাগৰ পৰাই ভাৰতত প্ৰৱেশ কৰা লোকৰ স্ক্ৰীনিং কৰা আৰম্ভ কৰিছো ৷ ইয়াৰোপৰি, ভ্ৰমণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছো ৷"
ক্ৰমশঃ ব্যৱস্থা গ্ৰহণ কৰা বাবে চিন্তিত হোৱাৰ প্ৰয়োজন নাই আৰু এই ক্ষেত্ৰত ভাৰতে দূৰ্বল সমূদায়সমূহক বিচাৰি উলিয়াইছে ৷ ভাৰতে বিভিন্ন দেশৰ পৰা 1,400 প্ৰবাসী ভাৰতীয়কো নিজ দেশলৈ উভতাই আনিছে ৷
ইয়াৰোপৰি, কৰ'ণাত আক্ৰান্ত বহুকেইখন দেশৰ পৰা প্ৰতিবেশী ৰাষ্ট্ৰৰ নাগৰিককো উদ্ধাৰ কৰিছে ৷
বিশ্বৰ এনে দূৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াই ছাৰ্ক ৰাষ্ট্ৰসমূহক এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে থিয় দিবৰ বাবেও আহ্বান জনাই মোডীয়ে ৷ মোডীৰ এই আহ্বানক প্ৰতিখন দেশৰ মুৰব্বী তথা প্ৰতিনিধিসকলে সমৰ্থন আগবঢ়ায় ৷
আৰু পঢ়ক : নিৰ্ভয়া কাণ্ড : জল্লাদক 3 দিন পূৰ্বে অৱগত কৰাৰ নিৰ্দেশ তিহাৰ জেলৰ