নিউজ ডেস্ক, 5 জুলাই : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোডী ৷ ৰাষ্ট্ৰপতিভৱনৰ এক শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷
দেশৰ দুয়োগৰাকী শীৰ্ষ নেতাই শেহতীয়াকৈ ঘটি থকা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত বিতং তথ্য প্ৰদান কৰে ৷
-
Prime Minister @narendramodi called on President Kovind and briefed him on the issues of national and international importance at Rashtrapati Bhavan today. pic.twitter.com/yKBXCnfboE
— President of India (@rashtrapatibhvn) July 5, 2020 " class="align-text-top noRightClick twitterSection" data="
">Prime Minister @narendramodi called on President Kovind and briefed him on the issues of national and international importance at Rashtrapati Bhavan today. pic.twitter.com/yKBXCnfboE
— President of India (@rashtrapatibhvn) July 5, 2020Prime Minister @narendramodi called on President Kovind and briefed him on the issues of national and international importance at Rashtrapati Bhavan today. pic.twitter.com/yKBXCnfboE
— President of India (@rashtrapatibhvn) July 5, 2020
প্ৰধানমন্ত্ৰীগৰাকীয়ে চিডিএছ আৰু স্থলসেনা প্ৰধানৰ সৈতে লেহ ভ্ৰমণৰ পিচতেই এইদৰে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে ৷ লেহ ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা অভিজ্ঞতাসমূহ আজি ৰাষ্ট্ৰপতিৰ আগত ব্যক্ত কৰাৰ লগতে সেনাবাহিনীৰ সক্ষমতা তথা আয়োজন সম্পৰ্কেও ৰাষ্ট্ৰপতিগৰাকীক বিতংভাৱে জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷
লগতে পঢ়কঃ 15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে কেবিনেট সচিবৰ বৈঠক