নতুন দিল্লী, 24 মে' : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে চৰকাৰ ভংগৰ প্ৰস্তাৱ ৷
ৰাষ্ট্ৰপতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰি নৰেন্দ্ৰ মোডী আৰু মন্ত্ৰীপৰিষদক নতুন চৰকাৰ গঠন নকৰা পৰ্যন্ত নিজৰ পদত অধিষ্ঠিত থাকিবলৈ আহ্বান জনায়৷ ৰাষ্ট্ৰপতিগৰাকীৰ টুইটাৰ যোগে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী তথা মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ দাখিল কৰে ৷ ষষ্ঠদশ লোকসভা ভংগৰ প্ৰস্তাৱ গ্ৰহণৰ পাচতে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷