ETV Bharat / bharat

তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডলৈ প্ৰধানমন্ত্ৰী মোডী - তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডলৈ প্ৰধানমন্ত্ৰী মোডী

শনিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডলৈ উৰা মাৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ তিনিখনকৈ অধিৱেশনৰ লগতে বহুকেইখন দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ৷

প্ৰধানমন্ত্ৰী মোডীৰ থাইলেণ্ড ভ্ৰমণ
author img

By

Published : Nov 2, 2019, 12:45 PM IST

Updated : Nov 2, 2019, 1:34 PM IST

নেশ্যনেল ডেস্ক,2 নৱেম্বৰ : 3 দিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে পুৱা থাইলেণ্ডলৈ উৰা মাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰ গোট (ASEAN),পূৱ এছিয়া আৰু আছিয়ান প্ৰস্তাৱিত মাণ্ডলিক অৰ্থনৈতিক সহযোগিতা (RCEP) শীৰ্ষক অধিবেশনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ উৰা মাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

  • I would be in Bangkok, Thailand to participate in various @ASEAN related Summits including the ASEAN-India Summit, East Asia Summit and a meeting on RCEP negotiations. ASEAN related Summits are key elements of India’s foreign policy, most notably our Act East Policy. @ASEAN2019TH

    — Narendra Modi (@narendramodi) November 2, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এই অধিৱেশনৰ উপৰিও বেংককত শনিবাৰে আয়োজন কৰা 'ছাৱাছদি পিএম মোডী' (Sawasdee PM Modi) নামৰ এক সমূহীয়া অনুষ্ঠান সম্বোধন কৰিব মোডীয়ে ৷ ইয়াৰোপৰি,গুৰু নানকৰ 550 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে এক স্মাৰক মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে,নৱেম্বৰৰ 3 তাৰিখে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰদ্যুত চেন অ' চাৰ আমন্ত্ৰণত চাৰ সৈতে 16 সংখ্যক ASEAN-ভাৰত অধিবেশনত সহ-অধ্যক্ষতা কৰিব মোডীয়ে ৷ এই অধিবেশনত ASEAN ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ বিকাশৰ ওপৰত আলোচনা কৰা হ'ব ৷ ASEAN ৰাষ্ট্ৰসমূহৰ 1,000 গৱেষক ছাত্ৰ-ছাত্ৰীক আইআইটি (IIT)ৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰতো এই অধিবেশনত আলোচনা কৰা হ'ব ৷

  • In Bangkok, there will be meetings with various world leaders to discuss important bilateral and global issues. India is eager to improve connectivity with @ASEAN nations. The East Asia Summit gives an opportunity to present our vision for the Indo-Pacific region.

নৱেম্বৰৰ 4 তাৰিখে থাই প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা দিনৰ আহাৰত ASEAN ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সৈতে উপস্থিত থাকিব মোডী ৷ দিনটোৰ শেষত প্ৰধানমন্ত্ৰী মোডীয়ে 14 সংখ্যক পূৱ এছিয়া অধিবেশনত উপস্থিত থাকিব ৷ এই তিনিখন অধিবেশনৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ৷ সেই দিনাই সন্ধিয়া পৰত মোডী নতুন দিল্লীলৈ উৰা মাৰিব ৷

  • Connecting with the Indian diaspora is something I always look forward to. At 6 PM IST this evening in Bangkok, I would interact with the Indian community based in Thailand. Their contributions to Thailand in various spheres are valuable. https://t.co/ceR74W2sLr

আৰু পঢ়ক : ইন্দিৰা গান্ধী বিমানবন্দৰত নাই কোনো ভাবুকি : CISF

Intro:Body:Conclusion:
Last Updated : Nov 2, 2019, 1:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.