নিউজ ডেস্ক, ১৬ জুন : কোভিড-১৯ সন্দৰ্ভত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপালৰ লগত এক বৈঠকত মিলিত হয় । কোভিড-১৯ আৰম্ভ হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে ষষ্ঠ বাৰৰ বাবে বৈঠকত মিলিত হয় ।
![pm-modi-discusses-covid19-situation-with-chief-ministers](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05:34_7639370_792_7639370_1592303660994.png)
প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধান সকলো বৈঠকত মিলিত হৈছে । উক্ত বৈঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে আনলক সন্দৰ্ভতো আলোচনা কৰিছে । লগতে নিজ-নিজ ৰাজ্য সমূহক কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে ।