নিউজ ডেস্ক, ০৪ মাৰ্চ : " মিগ-২১ ৰ স্থানত ৰাফেল বিমান হ'লে হয়তো পাকিস্তানত ভূপতিত নহ'লহেতেন ভাৰতীয় যুদ্ধ বিমান " । গুজৰাটত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ।
সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণি কৰাৰ লগতে জামনগৰত এখন জনসভাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । উক্ত সভাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ প্ৰত্যুত্তৰ স্বৰূপে কয়, যদিহে ভাৰতবৰ্ষই সময়মতে ৰাফেল বিমান লাভ কৰিলে হয়, তেন্তে ২৭ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তান বায়ুসেনাৰ মাজত হোৱা "ডগফাইটৰ" এক বিপৰীত পৰিনাম দেশবাসীয়ে প্ৰত্যক্ষ কৰিলেহেতেন ।
উক্ত সভাতে, চবুৰীয়া দেশ পাকিস্তানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, সন্ত্ৰাসবাদৰ দমনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ কেতিয়াও ক্ষান্ত হৈ নাথাকে । ক্ৰমাৎ সন্ত্ৰাসবাদৰ মূল সূঁতিত পৰিণত হৈছে পাকিস্তান । অনতিপলমে সমগ্ৰ বিশ্বৰ বকুৰ পৰা সন্ত্ৰাসবাদৰ দমনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
উল্লেখ্য যে একাংশ বিৰোধী নেতাই, ২৬ ফেব্ৰুৱাৰীত বায়ুসেনাই পাকিস্তান অধিকৃত কাশ্মীৰত (pok) চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকত নিহত সন্ত্ৰাসবাদী সন্দৰ্ভত চৰকাৰক আগভেটি ধৰাৰ চেষ্টা কৰিছিল ।