ETV Bharat / bharat

বিহাৰত কণ কণ শিশুৱে বিলাইছে প্লাষ্টিক বিৰোধী সজাগতা - প্লাষ্টিক বিৰোধী সজাগতা

এক উন্নত ভৱিষ্যতৰ বাবে নেতৃত্ব বহন কৰিছে বিহাৰৰ কেইটিমান শিশুৱে ৷ প্ৰাপ্ত বয়স্ক লোকসকলৰ মাজত প্ৰদান কৰিছে একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা ৷

প্লাষ্টিক বিৰোধী সজাগতা
প্লাষ্টিক বিৰোধী সজাগতা
author img

By

Published : Jan 4, 2020, 2:26 PM IST

নিউজ ডেস্ক, 4 জানুৱাৰী: প্লাষ্টিক বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰিছে অংগনবাদীত অধ্যয়নৰত কেইটিমান শিশুই ৷ যি সময়ত একক ব্যৱহৃত প্লাষ্টিকৰ বৰ্ধিত ভয়াৱহতাৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়োজন, তেনে সময়তে বিহাৰৰ প্ৰাক-বিদ্যালয়ৰ কেইটিমান শিশুই ইয়াৰ উৎকৃষ্ট উদাহৰণ বহন কৰিছে ৷

প্ৰাপ্তবয়স্ক লোকৰ মাজত শিশুসকলে বিলাইছে সজাগতা ৷ পূৱ চম্পাৰণৰ মধুছাপ্ৰা গাঁৱৰ অংগনবাদীৰ শিশু সকলে একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ বিষয়ে লোকক সজাগ কৰিছে ৷

শিশুসকলে শ্লোগান লিখি প্লে-কাৰ্ড বনাই সেইসমূহ গাঁওখনৰ ডাম্পিং য়াৰ্ডত লগাই থয়, য'ত প্লাষ্টিকৰ আৱৰ্জনা সমূহ দ'ম হৈ থকাৰ লগতে চাৰিওফালে সিঁচৰিত হৈ থাকে ৷ শিশুসকলৰ এই প্ৰচেষ্টাক এক ধনাত্মক প্ৰভাৱ হিচাপে গাঁওবাসীয়ে আখ্যা দিছে ৷

প্লাষ্টিক বিৰোধী বিলাইছে সজাগতা কণ কণ শিশুৱে

শিক্ষকসকলে শিশুৰ লগতে তেওঁলোকৰ অভিভাৱক সকলকো প্লাষ্টিকৰ মহামাৰীৰ বিষয়ে শিক্ষা প্ৰদান কৰিছে৷ শিক্ষক সকলে শিশুক পাঠদানৰ লগতে গাঁওবাসীকো প্লাষ্টিক ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰে৷

ৰাজ্যখনত চৰকাৰে একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে যদিও চৰকাৰৰ সেই প্ৰতিবন্ধকতাকো স্থানীয় লোকসকলে উলংঘা কৰিছে |

এক উন্নত ভৱিষ্যতৰ বাবে এই শিশুসকলে নেতৃত্ব বহন কৰাৰ দৰেই প্ৰাপ্ত বয়স্ক লোকসকলেও প্লাষ্টিকৰ বিৰুদ্ধে সজাগ হৈ পৃথিৱীৰ উন্নতিৰ দিশে খোজ দিব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: প্লাষ্টিকৰ বিৰুদ্ধে অভিযান নালন্দাৰ আশুতোষ কুমাৰ মানৱৰ

Intro:Body:

Jan 4 - Plastic Campaign Story -  Little crusaders lead anti-plastic push in Bihar village

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.