ETV Bharat / bharat

ক'ভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ তালিকাভুক্তিকৰণ সম্পন্ন

author img

By

Published : Nov 12, 2020, 1:14 PM IST

সম্ভাৱ্য ক'ভিড-19 প্ৰতিষেধক ক'ভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ তালিকাভুক্তিকৰণ সম্পন্ন ৷ বৃহস্পতিবাৰে চীৰম ইনষ্টিটিউট অফ ইণ্ডিয়া (এচআইআই) আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) য়ে এই কথা ঘোষণা কৰে ৷ ইতিমধ্যে এচআইআইয়ে প্ৰস্তুত কৰি উলিয়াইছে 40 নিযুত পালি প্ৰতিষেধক ৷

ক'ভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণ সম্পন্ন

নতুন দিল্লী, 12 নৱেম্বৰ: পুনে ভিত্তিক চীৰম ইনষ্টিটিউট অফ ইণ্ডিয়া (এচআইআই) আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) বৃহস্পতিবাৰে ভাৰতত সাম্ভাৱ্য ক'ভিড-19 প্ৰতিষেধক, ক'ভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ তালিকাভুক্তিকৰণ সম্পন্ন হোৱাৰ কথা ঘোষণা কৰে ৷

এক বিবৃতিত কোৱা হৈছে যে নভাভক্স আৰু সংযুক্ত ৰাষ্ট্ৰ দ্বাৰা বিকশিত আৰু এচআইআইয়ে আপস্কেল কৰা ক'ভাভক্সৰ ক্লিনিকেল বিকাশৰ বাবে আইচিএমআৰ আৰু এচআইআইয়ে একেলগে কাম কৰিছে ৷ 31 অক্টোবৰত 1600 অংশগ্ৰহণকাৰীৰ তালিকাভুক্তিকৰণ সম্পন্ন হৈছিল ৷ আইচিএমআৰে ক্লিনিকেল ক্ষেত্ৰৰ বাবে খৰচ কৰাৰ পৰিৱৰ্তে এচআইআইয়ে কভিশ্বিল্ডৰ বাবে প্ৰয়োজনীয় অন্যান্য খৰচসমূহ বহন কৰিছে ৷

বৰ্তমান এচআইআই আৰু আইচিএমআৰে ক'ভিশ্বিল্ডৰ 2/3 পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণ দেশৰ মুঠ 15 টা বেলেগ বেলেগ কেন্দ্ৰত চলাই আছে ৷ 2/3 পৰ্যায়ৰ পৰীক্ষণৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি আইচিএমআৰৰ সহযোগত এচআইআইয়ে ভাৰতত ইয়াক সোনকালেই উপলব্ধ কৰিবৰ বাবে চেষ্টা কৰিব বুলি জানিব পৰা গৈছে ৷ ডিচিজিআইৰ এট-ৰিস্ক মেনুফেক্সাৰিঙ এণ্ড ষ্টক পাইলিঙ লাইচেন্সৰ অধীনত ইতিমধ্যে এচআইআইয়ে 40 নিযুত পালি প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.