নিউজ ডেস্ক, 3 জুনঃ পঞ্জাবৰ ফৰিডক'টবাসীয়ে পালন কৰিলে পাঞ্জাৱ মেইল ৰে'লখনৰ 107 সংখ্যক বৰ্ষপূৰ্তি ৷ ৰে'লখনৰ বৰ্ষপূৰ্তি উপলক্ষে ফৰিডক'টবাসীয়ে ৰে'ল কৰ্তৃপক্ষ আৰু যাত্ৰী সকলৰ মাজত মিঠাই ভগোৱাৰ লগতে ৰে'লখনৰ চালকৰ দ্বাৰা কেক কাটি 107 সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰে।
উল্লেখ্য যে পুৰণি ৰে'লসমূহৰ ভিতৰত পাঞ্জাৱ ৰে'লখনো দেশৰ এখন সবাতোকৈ দৈৰ্ঘৰ ৰে'ল। ১৯১২ চনৰ ১ জুনত নিৰ্মাণ কৰা এই ৰে'লখনে মুম্বাইৰ পৰা পেছোৱাৰলৈ প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল।