নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী: গ্ল'ৱেল ডিজিটেল পেমেন্ট প্লেট ফৰ্ম পে পলে 1 এপ্ৰিলৰ পৰা ঘৰুৱা সেৱা সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কোম্পানীটোৱে ভাৰতীয় ব্যৱসায়তকৈ আন্তৰ্জজাতিক ব্যৱসায়ত অধিক গুৰুত্ব দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
পে পলৰ বিষয়াই জনোৱা মতে, কোম্পানীটোৰ বাংগালুৰু, চেন্নাই আৰু হায়দৰাবাদত তিনিটাকৈ শাখা কেন্দ্ৰ আছে ৷ ভাৰতত ইয়াৰ ব্যৱসায়িক বিকাশো অতি দ্ৰুত ৷ কিন্তু ভাৰতীয় অৰ্থনীতিক বিশ্বমুখী কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে ৷ যাৰ জৰিয়তে বিশ্বব্যাপী পে পলে প্ৰায় 350 নিযুত গ্ৰাহক লাভ কৰিব ৷
উল্লেখ্য যে,বিগত বছৰত পে পলে ভাৰতত 3,60,000 গ্ৰাহৰ জৰিয়তে প্ৰায় 1.4 বিলিয়ন ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে বৃহস্পতিবাৰে 2020 চনৰ শেহতীয়া তথ্য প্ৰকাশ কৰি কয় যে, ডিচেম্বৰ মাহত সৰ্বাধিক 6.12 বিলিয়ন ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷
কোম্পানীটোৰ মতে,ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে আটাইতকৈ ডাঙৰ ইতিবাচক প্ৰভাৱ পেলাব পে পলে ৷ গতিকে ভাৰতীয় অৰ্থনীতিক আগুৱাই লৈ যোৱাৰ বাবে পে পল সদায় প্ৰতিশ্ৰুতিবদ্ধ ৷
লগতে পঢ়ক: চতুৰ্থবাৰলৈ বীমা হাৰ অপৰিৱৰ্তিত আৰ বি আইৰ