নতুন দিল্লী, 12 জুন: ওড়িশা এখন সৰু গাঁৱৰ পৰা ৰাজধানী চহৰ আহি উপস্থিত হ’লহি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এগৰাকী অনুৰাগী ৷ এজন ‘ডাই-হাৰ্ড ফেন’ ৷ মাত্ৰ এপাহ গোলাপ ফুল দিবলৈকে ওড়িশাৰ পৰা ৰাজধানী চহৰত আহি উপস্থিত হ'ল খগেশ্বৰ ডেহুৰী নামৰ লোকজন ৷
ডেহুৰীৰ মতে, মুখ্যমন্ত্ৰী নবীন পাটনায়কে ওড়িশাৰ উন্নয়ণৰ বাবে ভালেখিনি কাম কৰিছে সেইবাবে তেওঁ সকলো লোকৰ মৰম আৰু শ্ৰদ্ধাৰ যোগ্য ৷ ইয়াৰোপৰিও, ডেহুৰীৰ বাবে পাটনায়ত ভগৱান সদৃশ ৷ মুখ্যমন্ত্ৰী পাটনায়কৰ বাবে নিজাববীয়াকৈ এটা গানো প্ৰস্তুত কৰিছে এই 'ডাই-হাৰ্ড ফেন’ জনে ৷