ETV Bharat / bharat

PUBG ৰ আসক্তিৰ পৰা সন্তানক মুক্ত কৰিবলৈ অভিভাৱকে সহায় কৰা উচিত : মনোবিজ্ঞানী

author img

By

Published : Sep 3, 2020, 12:39 PM IST

ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি বুধবাৰে ভাৰত চৰকাৰে পুনৰ 118 টা এপত আৰোপ কৰে নিষেধাজ্ঞা ৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে PUBG, Baidu আৰু পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰা টিকটক ব্যৱহাৰ কৰিব পৰা অন্যান্য কিছু VPN ৷

118 টা এপত ভাৰতৰ নিষেধাজ্ঞা
PUBG ৰ আসক্তি

নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি বুধবাৰে ভাৰত চৰকাৰে পুনৰ 118 টা এপত আৰোপ কৰে নিষেধাজ্ঞা ৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে PUBG, Baidu আৰু পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰা টিকটক ব্যৱহাৰ কৰিব পৰা অন্যান্য কিছু VPN ৷

সমগ্ৰ বিশ্বজুৰি প্ৰায় 600 মিলিয়ন লোকে ডাউনলোড কৰা PUBG ৰ আছে 50 মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী ৷ ভাৰতৰ বহুসংখ্যক যুৱচামে ব্যৱহাৰ কৰে PUBG ৷

PUBG ৰ আসক্তি

বাংগালুৰুস্থিত এগৰাকী মনোবিজ্ঞানীয়ে জানিবলৈ দিয়া অনুসৰি, ভাৰতৰ প্ৰায় 5 মিলিয়ন কিশোৰে ব্যৱহাৰ কৰে PUBG ৷ এই গেমৰ ফলত ব্যৱহাৰকাৰীসকল মানসিক ৰোগত আক্ৰান্ত হয় আৰু তেওঁলোকৰ সামাজিক জীৱন বাধাগ্ৰস্ত হৈ পৰে৷

এনে আসক্তিৰ পৰা সন্তানক মুক্ত কৰি সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক সহায় আগবঢ়োৱা উচিত ৷

এই বছৰৰ প্ৰথম ছমাহত PUBG Mobile এ বিশ্বব্যাপী $1.3 বিলিয়ন ৰাজহ সংগ্ৰহ কৰিছে ৷ আনহাতে, ক'ভিড-19 ৰ ফলত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত ভাৰতৰ প্ৰায় 175 মিলিয়ন লোকে ইনষ্টল কৰে PUBG ৷ ইয়াৰ ফলত PUBG ইনষ্টল কৰা দেশৰ ভিতৰত ভাৰতে শীৰ্ষ স্থান দখল কৰে ৷

উল্লেখ্য যে, সম্পূৰ্ণৰূপে চীনৰ মালিকীস্বত্ব নথকা বাবে PUBG ক পূৰ্বে ভাৰতত নিষেধ কৰা হোৱা নাছিল ৷ দক্ষিণ কোৰিয়াৰ সংস্থা Bluehole য়ে এই গেমৰ উদ্ভাৱন আৰু পৰিচালনা কৰে ৷

PUBG জনপ্ৰিয় হৈ পৰাৰ পাচত Bluehole ৰ সৈতে চীনৰ বজাৰ দখল কৰিবৰ বাবে চীনা কোম্পানী Tencent য়ে অংশীদাৰিত্ব লাভ কৰে ৷ ভাৰতক এই গেমবিধ প্ৰদান কৰে Tencent Holdings য়ে ৷

লগতে পঢ়ক : নৱেম্বৰৰ নিৰ্বাচনৰ পিচত কি হ'ব আমেৰিকা-চীনৰ সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.