ETV Bharat / bharat

জম্মুৰ বান্দীপোৰ জিলাত বিজেপি নেতাৰ হত্যা সন্দৰ্ভত তালাচী অভিযান

জম্মু-কাশ্মীৰৰ বান্দীপোৰ জিলাৰ দুটাকৈ ঠাই ঘেৰাও কৰি আৰম্ভ কৰিছে তালাচী অভিযান । আৰক্ষী,চিআৰপিএফ আৰু ভাৰতীয় সেনাৰ ১৪ ৰাষ্ট্ৰীয় ৰাইফল ইউনিটে যৌথভাৱে চলাইছে এই অভিযান । জিলাখনত কিছুদিন পূৰ্বে এজন বিপেপি নেতাসহ তেখেতৰ পিতৃ আৰু ভাতৃক হত্যা কৰা সন্দৰ্ভতে আৰম্ভ কৰে এই তালাচী অভিযান ।

author img

By

Published : Jul 11, 2020, 3:13 PM IST

Updated : Jul 11, 2020, 4:24 PM IST

জম্মুৰ বান্দীপোৰ জিলাত বিজেপি নেতাৰ হত্যা সন্দৰ্ভত তালাচী অভিযান
জম্মু-কাশ্মীৰ

নিউজ ডেস্ক, ১১ জুলাইঃ জম্মু-কাশ্মীৰৰ বান্দীপোৰ জিলাত নিৰাপত্তা বাহিনীয়ে শনিবাৰে দুটাকৈ মুকলি কৰে দুটাকৈ প্যাৰাৰেল কাৰ্ডন তথা বৃহৎ হাৰত চলোৱা তালাচী অভিযানৰ দল ।

খবৰ অনুসৰি,বান্দীপোৰ আৰক্ষী থানাত অন্তৰ্ভুক্ত গামৰু গাঁৱৰ বৃহৎ অঞ্চল ঘেৰাও কৰাৰ উপৰিও ইতিমধ্যে তালাচী অভিযান আৰম্ভ কৰে । আনহাতে, এই তালাচী অভিযানত আৰক্ষী,চিআৰপিএফ আৰু ভাৰতীয় সেনাৰ ১৪ ৰাষ্ট্ৰীয় ৰাইফল ইউনিটে যৌথভাৱে চলাই বুলি সদৰি কৰে । তাৰোপৰি আৰগাম আৰক্ষী থানাৰ অন্তৰ্ভুক্ত অৰগাম অঞ্চলটো এই যৌথ অভিযান চলাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

উল্লেখ্য যে, বিগত ৮ জুলাইত বাইকত অহা সন্ত্ৰাসবাদীয়ে বিজেপি নেতা বসীম বাৰীসহ তেখেতৰ পিতৃ আৰু ভাতৃক নিজৰ বাসগৃহৰ লগত সংলগ্ন দোকানত সোমাই আক্ৰমণ কৰে । যাৰ ফলত তিনিওজন ব্যক্তি গুৰুতৰভাৱে আহত হয় । আহত ব্যক্তিসকলক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰায় যদিও পাচত আটাইকেইন ব্যক্তিৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে ।

লগতে চাওকঃ অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)

Last Updated : Jul 11, 2020, 4:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.