নিউজ ডেস্ক, ২৫জুন: পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘন কৰি বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ মাছিল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষতে থকা সেনা শিবিৰলৈ মৰ্টাৰ নিক্ষেপেৰে কৰিলে গুলিবৰ্ষণ । যুদ্ধ বিৰতি উলংঘন কৰি পাকিস্তানী সেনাৰ এই গুলি বৰ্ষণৰ উচিত প্ৰত্যুত্তৰ দিয়া বুলি অৱগত কৰিলে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াই । অৱশ্যে এই ঘটনাত কোনো হতাহত হোৱা নায়।
শীৰ্ষ সেনা বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, কোনো উচতনি নোহোৱাকৈয়ে পাকিস্তানী সেনাই বৃহস্পতিবাৰে মাছিল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষতে থকা সেনা শিবিৰলৈ মৰ্টাৰ নিক্ষেপেৰে গুলিবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘন কৰিলে । উল্লেখ্য যে, বিগত সপ্তাহটোৰ পৰা পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাত অৱস্থিত ভাৰতীয় সেনাৰ শিবিৰলৈ অবিৰত ভাৱে কৰি অহা আক্ৰমণৰ ঘটনা অধিক বৃদ্ধি পাবলৈ ধৰিছে ।
আনহাতে জম্মু আৰু কাশ্মীৰৰ আৰক্ষী আৰু সেনাৰ সন্মিলিত দল এটাই বদগাম জিলাত লস্কৰ-এ-তৈয়বাৰ লগত জড়িত পাঁচটাকৈ সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হৈছিল । সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, আটকাধীন সন্ত্ৰাসবাদী কেইটাৰ পৰা বহু পৰিমানৰ আপত্তিজনক নথি পত্ৰৰ লগতে গুলি আৰু অস্ত্ৰও জব্দ কৰা হৈছিল । এই লৈ গোচৰ ৰুজু কৰি তদন্তৰ লগতে সন্ত্ৰাসবাদীকেইটাক জেৰা অব্যাহত ৰখা হৈছে ।
লগতে পঢ়ক : কলা শাখাৰ সপ্তম স্থানত জিলিকিল ধুবুৰীৰ অৱন্তী ৰয়