ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

author img

By

Published : Jul 2, 2020, 12:54 PM IST

বিগত ৩ জুনত নৰ্থ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নাউগাম চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘন কৰিছিল পাকিস্তানে। সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে ভাৰতক উদ্দেশ্যি গুলীচালনা কৰিছিল পাক সেনাই।

ceasefire
Pakistan violates ceasefire in Jammu and Kashmir's Poonch

নিউজ ডেস্ক, ২ জুলাইঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বৃহস্পতিবাৰে পুনৰ যুদ্ধবিৰতি উলংঘন কৰে চিৰবৈৰী পাকিস্তানে। শ্বাহপুৰ আৰু কিৰ্ণী চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাক সেনাই। সৰু অস্ত্ৰৰে ভাৰতীয় সেনাক উদ্দেশ্যি গুলীবৰ্ষণ কৰে পাকিস্তানে। ভাৰতীয় সেনায়ো যুদ্ধবিৰতি উলংঘনৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে পাক সেনাক।

Pakistan violates ceasefire in Jammu and Kashmir's Poonch
জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

ইয়াৰ পূৰ্বে বিগত ৩ জুনত নৰ্থ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নাউগাম চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘন কৰিছিল পাকিস্তানে। সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে ভাৰতক উদ্দেশ্যি গুলীচালনা কৰিছিল পাক সেনাই। একেদৰে,২৫ জুনতো জম্মু-কাশ্মীৰ সীমান্তৰ মাচহিল চেক্তৰ (Macchil sector)ত মৰ্টাৰেৰে ভাৰতীয় সেনাক উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল পাকিস্তানে।

বিগত ৩ সপ্তাহ ধৰি প্ৰায় প্ৰতিটো দিনতে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাসমূহত পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰি আছে। ইয়াৰ উপৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,পাকিস্তানে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই চেষ্টাত পাকিস্তান সফল হ'ব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.