ETV Bharat / bharat

৫ গৰাকী ভাৰতীয় কয়দীক মুকলি কৰি দিলে পাকিস্তানে

পাকিস্তানত কাৰাবন্দী হৈ থকা ৫ গৰাকী ভাৰতীয় কয়দীক মুকলি। আট্টাৰি-ৱাঘা সীমান্তত ভাৰতীয় বিষয়াক গতাই দিয়ে কয়দীকেইজনক। পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছিল আটাইকেইজন।

author img

By

Published : Oct 27, 2020, 1:20 PM IST

৫ গৰাকী ভাৰতীয় কয়দীক মুকলি কৰি দিলে পাকিস্তানে
৫ গৰাকী ভাৰতীয় কয়দীক মুকলি কৰি দিলে পাকিস্তানে

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: পাকিস্তানে মুকলি কৰি দিলে দেশখনৰ কাৰাগাৰত বন্দী হৈ থকা ৫ গৰাকী ভাৰতীয় কয়দীক। স্বদেশলৈ উভতি আহি আনন্দিত হৈ পৰে কয়দীকেইজন। পঞ্জাৱৰ আট্টাৰি-ৱাঘা সীমান্তত কয়দীকেইজনক ভাৰতীয় বিষয়াৰ হাতত গতাই দিয়ে। ভিজাৰ ম্যাদ উকলি যোৱাৰ পিছতো পাকিস্তানত অবৈধভাৱে থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ভাৰতীয় নাগৰিককেইজনক।

পাকিস্তানৰ পৰা উভতি অহা কয়দীকেইজনৰ মাজৰ এজন কাণপুৰ নিবাসী শমছুদ্দিনে কয় যে, তেওঁ ২৮ বছৰৰ পিছত ভাৰতলৈ উভতি আহিছে। পিতৃ-মাতৃৰ সৈতে কাজিয়া হোৱাৰ পিছতে পাকিস্তানলৈ গুছি গৈছিল। পিছত ২০১২ চনত ভিজাৰ ম্যাদ উকলি যোৱাৰ পিছতো পাকিস্তানতে আছিল।

অবৈধভাৱে পাকিস্তানত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তেতিয়াৰ পৰাই পাকিস্তানৰ কৰাগাৰত আছিল। আই এছ আই অৰুণ পালে প্ৰকাশ কৰিছে যে, সোমবাৰে আবেলি ৪ বজাত পাকিস্তানৰ সংশ্লিষ্ট বিষয়াই ৫ গৰাকী ভাৰতীয় কয়দীক ভাৰতীয় বিষয়াক গতাই দিয়ে। এজন কয়দী মানসিকভাৱে অসুস্থ আছিল। অমৃতচৰৰ উপায়ুক্তৰ নিৰ্দেশত আটাইকেইজনকে বৰ্তমান বন্দী কৰি ৰখা হৈছে।

লগতে পঢ়ক:পশ্চিম বংগত শোকাৱহ দুৰ্ঘটনাঃ পাঁচ জনৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.