নিউজ ডেস্ক, 12 আগষ্টঃ পাকিস্তানৰ সৈতে সকলোধৰণৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে ভাৰতৰ ৷ শেহতীয়াকৈ ভাৰতীয় সীমান্তৰ ওচৰত নিজৰ গতি-বিধি বৃদ্ধি কৰিছে পাকিস্তানী বায়ুসেনাই ৷ ভাৰতীয় চোৰাংচোৱাৰ লগতে ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি,লাডাখৰ সমীপৱৰ্তী স্কাৰ্ডু বায়ুসেনা চাউনীত অতিৰিক্ত যুঁজাৰু বিমান সাজু কৰিছে পাকিস্তানী বায়ুসেনাই ৷ ইয়াৰ উপৰিও যুঁজাৰু বিমানৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰে বৃহৎ ভাণ্ডাৰ মজুত কৰি ৰাখিছে পাকিস্তানী বায়ুসেনাই ৷
ভাৰতীয় সেনাৰ তৰফৰ পৰা প্ৰকাশিত সূত্ৰ অনুসৰি, তিনিখনকৈ C-130 হাৰকুলিছ বিমানেৰে অতিৰিক্ত সামগ্ৰী কঢ়িয়াইছে পাকিস্তানী বায়ুসেনাই ৷ স্কাৰ্ডু বায়ুসেনা চাউনীত JF-17 যুঁজাৰু বিমানৰ দুটাকৈ স্কোৱাড্ৰণ সাজু কৰি ৰাখিছে পাকিস্তানী বায়ুসেনাই ৷ স্কাৰ্ডু বায়ুসেনা চাউনী পাকিস্তানী স্থলসেনাক ভাৰতীয় সীমান্তৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰি আহিছে পাকিস্তানী বায়ুসেনাই ৷ ইতিমধ্যে ভাৰতীয় স্থলসেনাৰ লগতে বায়ুসেনাৰ বিশেষ বাহিনীৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱাই পাকিস্তানী সেনাৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে ৷ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে বিগত 3 আগষ্টৰ পৰা জম্মু-কাশ্মীৰৰ সুৰক্ষাজনিত সকলো দিশৰ তদাৰক কৰি থকাৰ লগতে স্থানীয় লোকসকলৰ সৈতে আলোচনাত মিলিত হৈ আছে ৷